নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিতাবৰত ভূ-লুণ্ঠিত মানৱতা : টাইৰুণ চাহ বাগিচাত উদ্ধাৰ নৱজাতক

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিল : তিতাবৰত সংঘটিত হৈছে মানৱতা ভূ-লুণ্ঠিত হোৱা এক ঘটনা। তিতাবৰৰ টাইৰুণ চাহ বাগিচাত আজি এটি নৱজাতক উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, তিতাবৰৰ টাইৰুণ চাহ বাগিচা চিকিৎসালয়ৰ পিছফালে থকা হাবিতলীয়া এডোখৰ ঠাইত উদ্ধাৰ হয় এটি নৱজাতক। স্থানীয় এগৰাকী মহিলাই উক্ত ঠাইত কান্দোন শুনা পাই বিচাৰোঁতে নৱজাতকটি উদ্ধাৰ কৰে আৰু চিকিৎসালয়লৈ লৈ আহে। অবৈধ মাতৃত্বৰ বোজা আঁতৰাবলৈকে ল’ৰা নৱজাতকটিক এনেদৰে পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে। ইতিমধ্যে স্থানীয় লোক আৰু বান্দৰচলিয়া আৰক্ষীৰ তৎপৰতাত নৱজাতকটিক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। সভ্য সমাজক লজ্জানত কৰা ঘটনাটোৱে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

প্ৰেৰক অজয় শইকীয়া

You might also like