নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাডাখত দীর্ঘ দূৰত্বভেদী ‘নির্ভয়’ মিছাইল স্থাপন ভাৰতৰ

সীমান্তত আগ্রাসী ৰঙা চীনক সকীয়নি ভাৰতীয় সেনাৰ

নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ  লাডাখৰ এল এ চিত চীনৰ দুমুখীয়া নীতিক লৈ যুদ্ধংদেহি স্থিতি গ্রহণ কৰিছে ভাৰতে৷ সীমান্তৰ উত্তেজনা শাম কটাবলৈ দুই দেশৰ মাজত সামৰিক আৰু কূটনৈতিক আলোচনা বাৰম্বাৰ ব্যর্থ হৈ থকাত লাডাখৰ এল এ চিত দুই দেশে নিজৰ সামৰিক শক্তি বৃদ্ধি কৰি আছে৷ চীনৰ সকলো দুঃসাহসিক কার্যকলাপ প্রতিহত কৰাৰ লক্ষ্যৰে নতুন দিল্লীয়ে সমৰসজ্জা গঢ়ি তুলিছে৷ লাডাখৰ পূব প্রান্তত চীনৰ মিছাইল প্রতিহত কৰিবলৈ ভাৰতীয় সেনাই দীর্ঘ দূৰত্বভেদী মিছাইল ‘নির্ভয়’ মোতায়েন কৰিছে৷ ডি আৰ ডি অ’ৰ দ্বাৰা সাত বছৰ পূর্বে সফল পৰীক্ষণ কৰাৰ পাছত প্রথমবাৰৰ বাবে ‘নির্ভয়’ মিছাইল লাডাখ সীমান্তত মোতায়েন কৰা হৈছে৷ এই মিছাইল ১,০০০ কিলোমিটাৰ দূৰত্বলৈ নিক্ষেপ কৰিব পাৰি৷ স্থলৰ পৰা স্থললৈ এই নির্ভয় মিছাইল নিম্ন উচ্চতাৰে নিক্ষেপ কৰিব পাৰে৷ মাত্র এশ মিটাৰ উচ্চতাৰে এই মিছাইলেৰে শত্রু পক্ষক আক্রমণ কৰিব পাৰি৷ প্রাৰম্ভিক পর্যায়ত মাত্র কেইটামান এই মিছাইল মোতায়েন কৰা হৈছে যদিও পৰৱর্তী সময়ত ইয়াৰ সংখ্যা বৃদ্ধি কৰা হ’ব বুলি সেনাৰ সূত্রত প্রকাশ৷ ইপিনে, সীমান্তৰ সেনাৰ ঘাটিত টি–৯০ আৰু টি–৭২ টেংকসহ বি এম পি–২ যুদ্ধবাহন মোতায়েন কৰিছে ভাৰতীয় সেনাবাহিনীয়ে৷ লাডাখক লৈ সোমবাৰে কেন্দ্রই প্রচাৰ কৰা এক ভিডিঅ’ত প্রত্যক্ষ কৰা মতে, সেনাবাহিনীৰ টি–৯০ আৰু টি–৭২ টেংক মোতায়েন কৰাৰ লগতে স্থল বাহিনীৰ বাবে বি এম পি–২ যুদ্ধবাহনো মোতায়েন কৰিছে৷ লক্ষণীয় যে এই টেংক আৰু বাহন মাইনাছ ৪০ ডিগ্রী চেলছিয়াছলৈকে চলাচল কৰাৰ সক্ষমতা আছে৷ লাডাখৰ পূব প্রান্তৰ ছুমাৰ ডেমচ’ক অঞ্চলত এই যুদ্ধবাহন মোতায়েন কৰা হৈছে৷
ডিফেঞ্চ একুইজিচন প্রচিডিউৰ (ডি এ পি)–২০২০ মুকলি প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ
লাডাখ সীমান্তত চীনৰ সৈতে উত্তেজনা অব্যাহত থকাৰ মাজতে সোমবাৰে কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে ডিফেঞ্চ একুইজিচন প্রচিডিউৰ (ডি এ পি)–২০২০ মুকলি কৰে৷ ৰাজধানী দিল্লীত আয়োজিত প্রতিৰক্ষা মন্ত্রালয়ৰ এক কার্যসূচীত প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে মুকলি কৰা ডি এ পি–২০২০ ১ অক্টোবৰৰ পৰা কার্যকৰী হ’ব৷ এই ডি এ পিৰ জৰিয়তে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আত্মনির্ভৰ ভাৰতৰ ভিজনক উজ্জীৱিত কৰি দেশৰ প্রতিৰক্ষা খণ্ডৰ উদ্যোগক সবলী কৰাৰ লগতে ভাৰত প্রতিৰক্ষা সামগ্রী নির্মাণৰ গোলকীয় হাব হিচাপে উন্নীত হ’ব বুলি কয় প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে৷ উল্লেখ্য যে নতুন প্রত্যক্ষ বিদেশী বিনিয়োগ নীতি ঘোষণা কৰাৰ পাছত সোমবাৰে মুকলি কৰা ডি এ পিয়ে দেশত প্রতিৰক্ষা সামগ্রী নির্মাণৰ ক্ষেত্রত আমদানি আৰু ৰপ্তানি উভয়তে এফ ডি আই বৃদ্ধি কৰিব৷ অংশীদাৰসকলৰ সৈতে বিতংভাৱে আলোচনা কৰাৰ অন্তত নতুন ডি এ পি–২০২০ মুকলি কৰিবলৈ পাই নিজকে সন্তুষ্ট বুলি কয় প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে৷ তাৎপর্যপূর্ণ যে ২০০২ চনত প্রথম ডি এ পি স্থাপন কৰাৰ পাছত সেই ডি এ পিৰ পর্যায়ক্রমে সালসলনি কৰি থকা হৈছে৷ প্রতিৰক্ষা সামগ্রী নির্মাণৰ ক্ষেত্রত আত্মনির্ভৰশীলতা বৃদ্ধি আৰু ঘৰুৱা উদ্যোগক উজ্জীৱিত কৰাৰ লক্ষ্যৰেই কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে একুইজিচনৰ ডি জি অপূর্ব চন্দ্রৰ অধ্যক্ষতাত মূল পর্যালোচনা কমিটীত ২০১৯ চনৰ আগষ্টত অনুমোদন জনাইছিল৷ সেই কমিটীখনেই ডি এ পি–২০২০ প্রস্তুত কৰে৷ আত্মনির্ভৰ ভাৰত অভিযানক প্রাধান্য দি এই ডি এ পি প্রস্তুত কৰা হয়৷

You might also like