নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙত বন্যপ্ৰাণী চোৰাং সৰবৰাহত জড়িত ৯জনক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, কাজলগাঁও, ২০ জুন : দুষ্প্ৰাপ্য সোণালী বান্দৰৰ ওপৰত আন্তৰ্জাতিক চক্ৰৰ কোপদৃষ্টি। চিৰাঙত এছটিএফ আৰু আৰক্ষীৰ যৌথ অভিযানত চিদলী থানাৰ অন্তৰ্গত কাশীকোত্ৰাৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৮টাকৈ সোণালী বান্দৰ সৰবৰাহ কৰি থকা আন্তৰ্জাতিক চক্ৰৰ ৯জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

এক গোপন সূত্ৰৰ ভিত্তিত যোৱানিশা কাজলগাঁও থানাৰ আৰক্ষী, চিদলী থানাৰ আৰক্ষী আৰু গুৱাহাটীৰ পৰা অহা STF বাহিনীৰ লোকে অভিযান চলাই এক আন্তৰ্জাতিক বন্যপ্ৰাণীৰ সৰবৰাহকাৰী তথা চোৰাং চিকাৰীৰ দলক আটক কৰে। ৰাজ্য চৰকাৰে বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত প্ৰণয়ন কৰা কঠোৰ আইনকো ভ্ৰূক্ষেপ নকৰি চোৰাং চিকাৰীৰ দলটিয়ে সংৰক্ষিত উল্টাপানী বনাঞ্চলৰ পৰা সোণালী বান্দৰকেইটা লৈ আহিছিল। বিলুপ্ত প্ৰজাতিৰ সোণালী বান্দৰকেইটা সৰবৰাহ কৰাৰ সময়তে আৰক্ষীয়ে উদ্ধাৰ কৰাৰ লগতে চোৰাং সৰবৰাহকাৰীকেইজনক আটক কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, সৰবৰাহকাৰীকেইজনৰ ভিতৰত এগৰাকী বাংলাদেশৰ নাগৰিক আছে। বাংলাদেশৰ চোৰাং চিকাৰীজন জামাল বুলি জানিব পৰা গৈছে। আনহাতে বাকীকেইজন চোৰাং চিকাৰী আলমগীৰ মোল্লা, ফকিৰচান মণ্ডল, খালেক মণ্ডল, লতিবুল শেইখ আৰু ইমজামুল হক পশ্চিমবংগৰ নাগৰিক আৰু পিংকুশ নাৰ্জাৰী, জেকছন বিশ্বকৰ্মা আৰু ৰঞ্জিত নাৰ্জাৰী চিৰাং জিলাৰ।

ইতিমধ্যে চিৰাং জিলা আৰক্ষী প্ৰশাসন আৰু STF বাহিনীৰ লোকে উদ্ধাৰ কৰা বিলুপ্ত প্ৰজাতিৰ সোণালী বান্দৰকেইটাক পুনৰ বনাঞ্চলত মুকলি কৰি দিয়াৰ বাবে লৈ যায়। আনহাতে, ঘটনাত জড়িত চোৰাং চিকাৰীকেইজনক আটক কৰি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে STF বাহিনীৰ লোকে।

তেওঁলোকৰ বিৰুদ্ধে বন্যপ্ৰাণী সুৰক্ষা আইন অনুসৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জনায় চিৰাং বন সংমণ্ডল বিষয়া কুঞ্জন বসুমতাৰীয়ে।

You might also like