নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত পথ দুৰ্ঘটনাত আৰক্ষী জোৱান নিহত

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰী ।। ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ নলবাৰী গনেশ মন্দিৰ চ’কত কালি নিশা প্ৰায় ৯-১০ বজাত এক পথ দুৰ্ঘটনাত এজন আৰক্ষী জোৱা নিহত হয় । নিহত জোৱানজন নলবাৰী জিলাৰ ঘগৰাপাৰ থানাৰ আৰক্ষী খাইৰুল ইছলাম । নলবাৰী গণেশ মন্দিৰ চকত মটৰচাইলৰে কৰ্ত্তব্যলৈ আহি থকা সময়তে ট্ৰাকৰ সৈতে দুৰ্ঘটনাত পতিত হৈ মৃত্যু বৰণ কৰে যুৱকজনে । নলবাৰীৰ সৰিয়হতলী নিবাসী এগৰাকী সৎ আৰু সাহসী অসম আৰক্ষী জোৱান খাইৰুলে বিগত ২০১৮ বৰ্ষত আৰক্ষী বিভাগত নিযুক্তি লাভ কৰিছিল । মৰমিয়াল আৰু জনপ্ৰিয় আৰক্ষী জোৱান জনৰ অকাল মৃত্যুত ঘগ্ৰাপাৰ অঞ্চলকে ধৰি সমগ্ৰ নলবাৰী জিলাত শোকৰ ছাঁ‌ পৰিছে ।

শ্বাহ আলম আহমেদ, নলবাৰী

You might also like