নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০ বছৰ অনূর্ধ্ব এএফচি মহিলা ফুটবলঃ ভাৰতীয় দলক নেতৃত্ব প্রদান অপূর্ণা নার্জাৰীৰ

নিয়মীয়া বাৰ্তা, ৯ মাৰ্চ: ভাৰতীয় ফুটবল দলক নেতৃত্ব প্রদান কৰি ইতিহাস সৃষ্টি কৰিছে অসম কন্যা অপূর্ণা নার্জাৰীয়ে৷ ভিয়েটনামৰ ভিয়েট ট্রাই চিটীত অনুষ্ঠিত হৈ থকা ২০ বছৰ অনূর্ধ্ব এ এফ চি মহিলা ফুটবল প্রতিযোগিতাত ভাৰতীয় দলটোক অপূর্ণাই নেতৃত্ব প্রদান কৰিছে৷ প্রতিযোগিতাৰ কালি অনুষ্ঠিত মেচখনত ভাৰতে ৭–০ গ’লত ছিংগাপুৰক পৰাজিত কৰে৷ মেচখনত ষ্ট্রাইকাৰ অপূর্ণাই দুটা গ’ল দিবলৈ সক্ষম হয়৷

উল্লেখ্য যে অসমৰ মহিলা ফুটবলৰ ইতিহাসত অপূর্ণাই হৈছে ভাৰতীয় মহিলা দলক নেতৃত্ব দিয়া একমাত্র মহিলা ফুটবলাৰ৷ প্রথমখন মেচতে বৃহৎ ব্যৱধানত জয়লাভ কৰাৰ পিছত উৎফুল্লিত হৈ পৰা অপূর্ণাই কয়– ‘দলটোৰ খেলুৱৈসকলৰ প্রদর্শনত মই অতিশয় সুখী হৈছোঁ৷ অধিনায়ক হিচাপে গ’ল দিয়াতকৈ মোৰ লক্ষ্য আছিল দলক বিজয়ী কৰোৱা৷’

উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ খাগ্রাবাৰীৰ জীয়ৰী অপূর্ণাই ছাফ ফুটবলতো ভাৰতক প্রতিনিধিত্ব কৰিছে৷ দোতমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শাৰীৰিক নির্দেশক তথা প্রশিক্ষক আৰু ৰেফাৰী বিশ্বজিৎ নার্জাৰীৰ কন্যা অপূর্ণাই শৈশৱৰ পৰাই ফুটবলত নিজৰ দক্ষতা প্রতীয়মান কৰি আহিছে৷

You might also like