নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি পাব৷ পাৰিবাৰিক সমস্যা থাকিব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ১৷
বৃষ ঃ কর্মস্থানত আৰু পাৰিবাৰিক ক্ষেত্রত খুব উৎসাহজনক দেখা নাযায়৷ ভ্রমণাদিত অন্যমনস্ক নহ’ব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৬৷
মিথুন ঃ বৈষয়িক অৱস্থাৰ স্বল্পাধিক উন্নতি সম্ভৱ৷ নতুন নিযুক্তিৰ বাবে দূৰ যাত্রা৷ পত্নীৰ লগত মতবিৰোধ৷ শুভ ৰং পাতল সেউজীয়া৷ শুভ সংখ্যা ৩৷
কর্কট ঃ পৈতৃক সম্পত্তি লাভৰ ক্ষেত্রত বিলম্ব৷ অভিজ্ঞ ব্যক্তিৰ পৰামর্শত সংকট মুক্তি আৰু প্রয়োজনীয় ধনাগম৷ শুভ ৰং সোণালী৷ শুভ সংখ্যা ৫৷
সিংহ ঃ পুৰণা মামলা–মোকর্দমাৰ নিষ্পত্তি হ’ব পাৰে৷ বাধা–বিঘিনিৰ মাজেদি কর্মত সাফল্য৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৯৷
কন্যা ঃ উপার্জন আৰু সঞ্চয় বৃদ্ধিৰ শুভ যোগ৷ দেহ ভাল বুলি ক’ব পাৰি৷ অবাধ্য সন্তান–সন্ততিৰ ওপৰত কঠোৰ হ’ব পাৰে৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৩৷
তুলা ঃ আর্থিক দিশত অর্থ প্রাপ্তিৰ সম্ভাৱনা৷ বন্ধুভাব দুর্বল৷ পাৰিবাৰিক জীৱনত অশান্তিৰ সূচনা৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৯৷
বৃশ্চিক ঃ ব্যৱসায়ত লাভৰ কাৰকতা৷ সমাজসেৱীসকলৰ সন্মান বৃদ্ধিৰ কাৰক৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৮৷
ধনু ঃ চাকৰিয়াল ব্যক্তিসকলৰ বাবে শুভ দিন৷ নিবনুৱাৰ কর্মপ্রাপ্তিৰ যোগ৷ ব্যয়ৰ মাত্রা বৃদ্ধি পাব৷ দাম্পত্যত শুভ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৩৷
মকৰ ঃ কর্মক্ষেত্রত শান্তিৰে কাম কৰিব পাৰিব৷ আর্থিকত ভালেই দেখা যায়৷ আয়ৰ ক্ষেত্রত অনুকূল৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৪৷
কুম্ভ ঃ ৰাজহুৱা কর্মত থকাসকলে সহানুভূতি লাভৰ সংবাদ৷ শৰীৰ কিছু উন্নত৷ দুই–এটা কামত বাধাৰ কাৰকতা৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৪৷
মীন ঃ কর্মক্ষেত্রত জটিলতাৰ উদয় হ’ব পাৰে৷ কোনো কাৰণে মনটো গধুৰ হ’ব পাৰে৷ ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৫৷

You might also like