নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা প্ৰদান

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চ: উত্তৰ–পূবৰ ৰাজ্যসমূহৰ কর্কট ৰোগৰ বিৰুদ্ধে সজাগতাৰ সৃষ্টি তথা কর্কট ৰোগ আগতীয়াকৈ চিনাক্ত কৰাৰ ক্ষেত্রত অপৰিসীম অৱদান আগবঢ়াই যোৱা আন্তঃৰাষ্ট্রীয় কর্কট ৰোগ বিশেষজ্ঞ ডাঃ তপন শইকীয়ালৈ আগবঢ়োৱা হয় ৰাজ্যৰ সর্বোচ্চ অসামৰিক বঁটা৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই আজি আনুষ্ঠানিকভাৱে বিশিষ্ট চিকিৎসকগৰাকীক অসম বৈভৱ বঁটাৰে সন্মানিত কৰিলে৷

উল্লেখ্য যে অসম চৰকাৰে ৰাজ্যৰ প্রতিটো ক্ষেত্রত বিশেষ অৱদান আগবঢ়োৱাসকলক অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটাৰে সন্মানিত কৰি আহিছে৷ ৰাজ্যৰ সর্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটাৰে বিগত বর্ষত সন্মানিত কৰা হৈছিল ভাৰতৰত্ন ৰতন টাটাক৷ এইবাৰ এই সন্মানেৰে সন্মানিত কৰা হ’ব কর্কট ৰোগ বিশেষজ্ঞ ডাঃ তপন শইকীয়াক৷

আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্রী ড০ শৰ্মাৰ উপস্থিতিত ৰাজ্যপালগৰকীয়ে বিভিন্ন ক্ষেত্রত দেখুওৱা অৱদানৰ বাবে পাঁচগৰাকীলৈ অসম সৌৰভ বঁটা আৰু ১৫গৰাকীলৈ অসম গৌৰৱ বঁটা প্ৰদান কৰে ৷

উল্লেখ্য যে অসম সৌৰভ বঁটা এইবাৰ পাঁচগৰাকী লোকক প্ৰদান কৰা হয়৷ ইয়াৰে ভিতৰত অসম ভ্রাম্যমাণ নাট্য জগতৰ পিতৃস্বৰূপ কৃষ্ণ ৰয়৷ বৰপেটা জিলাৰ পাঠশালাত আৱাহন থিয়েটাৰৰ জন্ম দি মঞ্চনাটৰ জৰিয়তে বিশেষ অৱদান আগবঢ়াই অহা কৃষ্ণ ৰয়, আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন ফুটবল খেলুৱৈগিলবার্ট চাংমা, কমনৱেলথ গেমছত স্বর্ণপদক আঁজুৰি আনিবলৈ সক্ষম হোৱা আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন লনবল খেলুৱৈ নয়নমণি শইকীয়া, বিশিষ্ট বিজ্ঞানী ড০ বিনয় কুমাৰ শইকীয়া আৰু বিশিষ্ট চিকিৎসক ড০ শশীধৰ ফুকন ৷

ইফালে, অসম গৌৰৱ বঁটা প্ৰদান কৰিছে ১৫গৰাকী বিশিষ্ট ব্যক্তিক৷ এইসকল হ’ল– সমাজকর্মী–শ্মশানব্ ধৃতিমালা ডেকা, পশুপালক দেৱজিৎ বর্মন, প্রকৃতিবিদ ৰুস্তম বসুমতাৰী, উদ্যোগী মাঞ্জেলা, প্রকৃতিবিদ বিনন্দ হাতীবৰুৱা, শিক্ষাবিদ অতুল চন্দ্র বৰুৱা, সমাজকর্মী কল্যাণী ৰাজবংশী, আশাকর্মী শীলা গোৱালা, ৰেচম শিল্প গৱেষক ড০ যোগেশ দেউৰী, ব্যৱসায়ী পংকজ লাল গগৈ, আদর্শ খেতিয়ক সর্বেশ্বৰ বসুমতাৰী, মানথাং মাৰ, উদ্যান শস্য গৱেষক ড০ ধ্রুৱজ্যোতি শর্মা, মুখাশিল্প দয়াল গোস্বামী আৰু গৱেষক ড০ চৈয়দ ইফতিকাৰ আহমেদ৷

You might also like