নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

থাইলেণ্ডত যৌন ব্যৱসায় অমৃতপালৰ

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চ: ‘ৱাৰিছ পঞ্জাব দে’’ৰ মুৰব্বী তথা খালিস্তানপন্থী পলাতক নেতা অমৃতপাল সিঙক লৈ ন ন তথ্য পোহৰলৈ আহিছে৷ ডুবাইৰ পৰা থাইলেণ্ডলৈ অবাধ যাতায়াত আছিল অমৃতপালৰ৷ তদন্তত এই তথ্য লাভ কৰিছে চোৰাংচোৱাসকলে৷ অকল সেয়াই নহয়, চোৰাংচোৱাই দাবী কৰা অনুসৰি, ব্রিটিছ নাগৰিক কিৰণদীপক বিয়া কৰালেও পত্নীৰ ওপৰত শাৰীৰিক আতিশয্য চলাইছিল অমৃতপালে৷ সঘনে ঘৰত বান্ধি ৰাখি পত্নীক কিৰণদীপক প্রহাৰ কৰিছিল অমৃতপালে৷ ২০২২ চনত ভাৰতলৈ অহাৰ পূর্বে ডুবাইত অমৃতপালে ট্রাকচালক হিচাপে কর্মত নিয়োজিত আছিল৷ থাইলেণ্ডত যৌন ব্যৱসায়ৰ সৈতে জড়িত আছিল অমৃতপাল৷ চোৰাংচোৱাই সন্দেহ কৰা অনুসৰি, থাইলেণ্ডত অমৃতপালৰ দ্বিতীয় পত্নীও থাকিব পাৰে৷

You might also like