নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ আগবেলা কোনো ক্ষেত্রত নিৰাশ হ’ব৷ অৱশ্যে পিছবেলা তাৰ কিছু ওলোটা ফল দেখিব৷ শৰীৰ ভাল হ’লেও উদ্বেগ এৰাব নোৱাৰিব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৯৷
বৃষ ঃ শৰীৰ আৰু পৰিৱেশত খুব এটা ভাল প্রভাৱ নাই৷ দুশ্চিন্তা থাকিব৷ দায়িত্বপূর্ণ কামত সক্রিয় সহযোগ হয়তো দিব নোৱাৰিব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫৷
মিথুন ঃ আজি বহুক্ষেত্রত মজলীয়া ফল আশা কৰিব পাৰে৷ বিদ্যাতো তদানুৰূপ৷ আর্থিকত যোগাযোগ কৰিলে উপকৃত হ’ব৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ১৷
কর্কট ঃ জ্ঞাতি–কুটুম্বৰ বাবে কোনোৰ মনত সন্দেহ হ’ব পাৰে৷ বন্ধুৰ সহায়৷ প্রেমপ্রীতি চলোৱাসকলে বিবাহৰ কথা ভাবিব পাৰে৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৯৷
সিংহ ঃ প্রাপ্য ধন আদায়ৰ সুযোগ পাব৷ কর্মক্ষেত্রত আকস্মিক কোনো বাধা সূচিত হ’ব৷ ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত সুফল আশা কৰিব পাৰে৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ৬৷
কন্যা ঃ কর্মত তৎপৰতা থাকিব৷ কিন্তু শৰীৰো ভালেৰে নাযাব পাৰে৷ পঢ়া–শুনাতো বেয়া নহ’ব৷ প্রেমপ্রীতিত উচিত কথাত বাধা৷ বিয়াৰ সংকেত৷ শুভ ৰং মাটিয়া, শুভ সংখ্যা ২৷
তুলা ঃ উৎকণ্ঠাৰ দিন হ’লেও আপুনি দৃঢ়তা ৰাখক৷ আনৰ ওপৰত নির্ভৰ কৰা বৰ ভাল নহ’ব৷ বিদ্যার্থীয়ে অতি দৰকাৰী পাঠত গুৰুত্ব দিব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩৷
বৃশ্চিক ঃ পাৰিবাৰিক কাৰণত মনটো ভালে নাথাকিব৷ শৰীৰ পূর্বৰ তুলনাত শুভ৷ পিতৃ–মাতৃৰ বাবে সামান্য চিন্তা৷ দাম্পত্যত চিন্তা থাকিব৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ২৷
ধনু ঃ ক্রমে দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ–শান্তি দেখা যায়৷ দাম্পত্যতো তেনে আভাস আছে৷ শৰীৰ মধ্যম৷ শুভ ৰং বগা, শুভ সংখ্যা ৭৷
মকৰ ঃ কিছু আহুকালৰ মাজেদি সদা প্রয়োজনীয় কর্ম সম্পাদিত হ’ব৷ শৰীৰ ভালে নাযাব পাৰে৷ যোগাযোগত আশানুৰূপ ফল পোৱাত কষ্ট পাব৷ শুভ ৰং কফী, শুভ সংখ্যা ৬৷
কুম্ভ ঃ উন্নত পৰিৱেশ অনুভৱ৷ বিদ্যাত চিন্তিত দেখা যায়৷ কর্মস্থানত শুভ৷ আর্থিকত মধ্যম৷ দূৰ ভ্রমণৰ সম্ভাৱনা৷ শুভ ৰং কমলা, শুভ সংখ্যা ২৷
মীন ঃ বন্ধু–বান্ধৱৰ লগত মন খুলি কথা ক’লেও মূল কথা ব্যক্ত নকৰিব৷ কোনো নভবা প্রসংগই আমনি দিব পাৰে৷ বিদ্যাৰ চেষ্টা সুফল৷ শুভ ৰং বগা, শুভ সংখ্যা ৭৷

You might also like