নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত অতিৰিক্ত উপায়ুক্তৰ কনভয়ৰ খুন্দাত নিহত এজন ছাত্ৰ

নিয়মীয়া বাৰ্তা, ১৯ মে’: মাজুলীৰ বৰগুৰি চাৰিআলিত শুকুৰবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। মাজুলীৰ অতিৰিক্ত উপায়ুক্তৰ কনভয়ৰ বাহনে মহতিয়ালে দুজনকৈ ছাত্ৰক। ফলত ঘটনাস্থলিতে মৃত্যু হয় এজন ছাত্ৰৰ। ইপিনে আনজন ছাত্ৰ সংকটজনক অৱস্থাত থকা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে অতিৰিক্ত উপায়ুক্তৰ কনভয় গড়মূৰলৈ আহি থকা অৱস্থাতে সংঘটিত হয় উক্ত দুৰ্ঘটনাটো। এই ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হোৱা ছাত্ৰজনৰ নাম অয়নজ্যোতি বণিয়া। নিহত অয়নজ্যোতি বৰগুৰি ৰূপজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আছিল। আনহাতে গুৰুতৰভাৱে আহত ছাত্ৰজনৰ নাম মলয় নাথ। দুয়োজন একেখন বিদ্যালয়ৰে ছাত্ৰ।

ইফালে এই দুৰ্ঘটনাৰ পাছতে উত্তপ্ত হৈ পৰে ঘটনাস্থলি। পাছত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিব লগীয়া হয়।

মন কৰিবলগীয়া যে বাহনখন অত্যধিক বেগত অহাৰ বাবেই উক্ত দুৰ্ঘটনাটো সংঘটিত হয়।

You might also like