নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পথ দুর্ঘটনা বহলপুৰৰ নিয়মীয়া বার্তাৰ সাংবাদিকৰ মৃত্যু

নিয়মীয়া বাৰ্তা ১৮ মাৰ্চঃ  ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্রৰ বহলপুৰৰ জ্যেষ্ঠ সাংবাদিক, শিক্ষক, সমাজকর্মী তথা ‘নিয়মীয়া বার্তা’ৰ বহলপুৰৰ সংবাদদাতা অৰবিন্দ ৰায়ৰ বুধবাৰে পুৱতিনিশা ২.১০মান বজাত গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত মৃত্যু হয়৷ যোৱা ১১ মার্চৰ সন্ধিয়া প্রায় ৭.৩০ বজাত বাইকেৰে বহলপুৰ তিনিআলি চ’কৰ পৰা নিজ গৃহলৈ গৈ থকাৰ সময়তে সংঘটিত এক পথ দুর্ঘটনাত ৰায় গুৰুতৰভাৱে আহত হৈছিল৷ গুৰুতৰভাৱে আহত ৰায়ক স্থানীয় লোকে চাপৰ চিকিৎসালয়ত ভর্তি কৰায় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱলৈ প্রেৰণ কৰে৷ বঙাইগাঁৱত চিকিৎসা প্রদান কৰি পুনৰ গুৱাহাটীৰ জি এন আৰ চিত ভর্তি কৰোৱা হৈছিল৷ ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্রৰ অন্তর্গত বহলপুৰৰ বৰপাৰা গাঁৱৰ প্রয়াত নগেন্দ্র নাৰায়ণ ৰায় আৰু প্রয়াত সমবাৰী ৰায়ৰ চতুর্থ পুত্র অৰবিন্দ ৰায়ৰ জন্ম হৈছিল ১৯৬৩ চনৰ ২৪ মার্চত৷ অৰবিন্দ ৰায়ে ৩০নং বহলপুৰ জে বি স্কুলৰ পৰা শিক্ষা জীৱন আৰম্ভ কৰি বহলপুৰ ৰায়ঝৰা হাইস্কুলৰ পৰা মেট্রিকত উত্তীর্ণ হয়৷ চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত উত্তীর্ণ হৈ কোকৰাঝাৰ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী লাভ কৰে৷ ১৯৯৬ চনত তেওঁ বহলপুৰ ৰায়ঝৰা উচ্চ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে চাকৰি জীৱন আৰম্ভ কৰে৷ শিক্ষকতাৰ উপৰি তেওঁ অধুনালুপ্ত ‘নতুন দৈনিক’, ‘দৈনিক অগ্রদূত’, ‘অসমীয়া খবৰ’ বাতৰিকাকতত সাংবাদিক হিচাপে কার্য সম্পাদন কৰাৰ পাছত ‘নিয়মীয়া বার্তা’ কাকতত জন্মলগ্ণৰে পৰা সংবাদ পৰিৱেশন কৰি আহিছিল৷

অসম আন্দোলনত সক্রিয়ভাৱে অংশগ্রহণ কৰি বহলপুৰ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি, সম্পাদকৰ দায়িত্ব পালন কৰা ৰায়ে ধুবুৰী জিলা ছাত্র সন্থাৰ উপ–সভাপতি হিচাপেও দায়িত্ব পালন কৰিছিল৷ তেওঁৰ নেতৃত্বতে বহলপুৰৰ শ্বহীদ বেদীটো নির্মাণ কৰিছিল৷ অঞ্চলটোত ক্রীড়া সংগঠক হিচাপেও সেৱা আগবঢ়াই ৰায়ে মেণ্ডলিন আৰু গীটাৰবাদক হিচাপে যশস্যা লাভ কৰাৰ লগতে এগৰাকী সুগায়কো আছিল৷ বিভিন্ন অনুষ্ঠান তথা মঞ্চত বিশেষকৈ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰিছিল৷ আজি দুপৰীয়া গুৱাহাটী মেডিকেল কলেজ হাস্পতালত তেওঁৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত সন্ধিয়া বহলপুৰস্থিত বাসভৱনলৈ আহি পায় তেওঁৰ নশ্বৰ দেহ৷ পত্নীসহ ৰায়ে তিনি নাবালিকা কন্যা সন্তানক এৰি থৈ যায়৷ তেওঁৰ বাসগৃহত অসংখ্য গুণমুগ্ধই শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে ৰায়ঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰাজহুৱা শ্রদ্ধাঞ্জলি জনোৱা হয়৷ আজি সন্ধিয়া বহলপুৰ পাতলপুৰৰ চম্পাৱতী নৈৰ পাৰত ৰাজহুৱা শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ তেওঁৰ মৃত্যুত প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ পৰিয়ালবর্গ, ‘নিয়মীয়া বার্তা’ৰ পৰিয়ালবর্গ তথা ‘নিয়মীয়া বার্তা’ কাকতৰ মুখ্য সম্পাদক হোমেন বৰগোহাঞি আৰু কার্যবাহী সম্পাদক অমল দাসে গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷ অৰবিন্দ ৰায়ৰ মৃত্যুত ৰায়ঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক–কর্মচাৰী, বহলপুৰ আঞ্চলিক ছাত্র সন্থা, বহলপুৰ আক্রাছু, বহলপুৰ শাখা সাহিত্য সভা, অসম গণ পৰিষদৰ বহলপুৰ অঞ্চলিক সমিতি, চাপৰ প্রেছ ক্লাব, চাপৰ আঞ্চলিক ছাত্র সন্থা, চাপৰ আক্রাছু, চাপৰ আঞ্চলিক গৰিয়া–মৰিয়া দেশী জাতীয় পৰিষদ, বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহী, প্রাক্তন বিধায়ক প্রশান্ত কুমাৰ বৰুৱা, প্রাক্তন বিধায়িকা গুল আখতাৰা বেগমৰ লগতে বহু দল–সংগঠন তথা ব্যক্তিবিশেষে গভীৰ শোক প্রকাশ কৰিছে৷

You might also like