নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আত্মসমৰ্পণ কৰিলে দুৰ্ধৰ্ষ উগ্ৰপন্থী এম বাথাই

নিয়মীয়া বাৰ্তা ২২ জুলাইঃ বৃহস্পতিবাৰে বিদ্ৰোহী সংগঠন নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অৱ বড়োলেণ্ড ৰ মুৰব্বী এম বাথা ই ওদালগুৰি জিলাৰ মাজবাটৰ চিকাৰীডাঙত অসম-অৰুণাচল সীমান্তত আত্মসমৰ্পণ কৰে। বাথাৰ সৈতে একেলগে প্ৰায় ২৩ জন কেডাৰেও অসম আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰে। আত্মসমৰ্পণকাৰীসকলৰ ভিতৰত অন্যতম হৈছে দুৰ্ধৰ্ষ নেতা বি বকো ৷

এই আত্মসৰ্পণ কাৰ্যসূচীত অসম চৰকাৰ তথা বি.টি.চি. প্ৰশাসনৰ হৈ মন্ত্ৰী পীযুষ হাজৰিকা বিধায়কদ্বয় জয়ন্তমল্ল বৰুৱা আৰু গোবিন্দ বসুমতাৰী ,বি.টি.চি. প্ৰমুখ প্ৰমোদ বড়ো তথা অন্যান্য কাৰ্যবাহী সদস্য সকলৰ লগতে, অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি.পি. সিং ডাঙৰীয়া, অতিৰিক্ত আৰক্ষী মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্ত উপস্থিত থাকে।

You might also like