নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইন্ধনৰ খুচুৰা বিক্ৰীৰ অনুমোদন পেট্ৰ’লিয়াম মন্ত্ৰণালয়ৰঃ অসম গেছ কোম্পানীৰ ব্যৱসায়িক সফলতাৰ এখোজ

উত্তৰ-পূবৰ ৫ ৰাজ্যত ১২০ টা আউটলেট স্থাপন 

নিয়মীয়া বাৰ্তা, ২২ জুলাইঃমুখ্যতঃ পাইপযোগে প্ৰাকৃতিক গেছ পৰিবহণ ব্যৱসায়ত বিশেষ সফলতা লাভ কৰা অসম চৰকাৰৰ অধীনস্হ লাভজনক প্ৰতিষ্ঠান অসম গেছ কোম্পানী লিমিটেডৰ বাবে আন এক সুখবৰ । শেহতীয়াকৈ ভাৰত চৰকাৰৰ অধীনস্থ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ৰ দ্বাৰা অসম গেছ কোম্পানীয়ে অট’মবাইল খণ্ডৰ ইন্ধনৰ খুচুৰা বিক্ৰীৰ বাবে বিপণনৰ অনুমোদন লাভ কৰিছে । ২০২০ চনৰ ডিচেম্বৰ মাহত এই অনুমোদন লাভ কৰা অসম গেছ কোম্পানী লিমিটেডে উত্তৰ-পূৰ্বাঞ্চল সামৰি অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু নাগালেণ্ডত মুঠ ১২০ টাকৈ ইন্ধনৰ খুচুৰা বিক্ৰী বিপণী ষ্টেচন স্হাপন কৰিবলৈ ভাৰত চৰকাৰৰ পৰা অনুমতি লাভ কৰিছে । উক্ত ষ্টেচন স্হাপনৰ বাবে মূলধন ব্যয় হ’ব মুঠ ৫৪০ কোটি টকা ।

লক্ষণীয় যে ভাৰতৰ অন্যান্য ৭ টাকৈ উদ্যোগ প্ৰতিষ্ঠানৰ সৈতে ইন্ধনৰ খুচুৰা বিক্ৰী বিপণনৰ অনুমোদন লাভ কৰা অসম গেছ কোম্পানী হৈছে অসমৰ একমাত্ৰ উদ্যোগ প্ৰতিষ্ঠান । ইন্ধনৰ খুচুৰা বিক্ৰী ব্যৱসায়ত মুকেশ আম্বানীৰ মালিকাধীন ৰিলায়েন্স ইণ্ড্ৰাষ্ট্ৰীজ লিমিটেডৰ অংশীদাৰী ৰিলায়েন্স বি পি ম’বিলিটি লিমিটেড , চেন্নাইস্হিত ইণ্ডিয়ান মলাছেছ কোম্পানী (আই এম চি), অনচাইট এনাৰ্জী প্ৰাইভেট লিমিটেড, এম কে এগ্ৰ’টেক প্ৰাইভেট লিমিটেড, আৰ বি এম এল চল্যুশ্যনচ ইণ্ডিয়া লিমিটেড ( আৰ এচ আই এল) , মানস এগ্ৰ’ ইণ্ড্ৰাষ্ট্ৰীজ এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেডৰ দৰে বৃহৎ পুঁজিপতি উদ্যোগ প্ৰতিষ্ঠানৰ সৈতে অসম গেছ কোম্পানী দৰে এটা থলুৱা প্ৰতিষ্ঠানে ফেৰ মাৰি ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম মন্ত্ৰণালয়ৰ দ্বাৰা অনুমোদিত তালিকাত তিনি নম্বৰ শাৰীত থিয় দিবলৈ সক্ষম হৈছে ।

বছৰি নূন্যতম ২৫০ কোটি টকা টাৰ্ণ অ’ভাৰ কৰা প্ৰতিষ্ঠানসমূহক অনুমোদন দিছে পেট্ৰ’লিয়াম মন্ত্ৰণালয়ে । ২০১৯ চনৰ নিয়ম অনুসৰি ভাৰত চৰকাৰৰ পৰা অনুমোদন লাভ কৰা এনে প্ৰতিষ্ঠানসমূহে ৫ বছৰৰ ভিতৰত ১০০ টা ইন্ধনৰ খুচুৰা বিক্ৰী ষ্টেচন (আউটলেট)  স্হাপন কৰিব লাগিব । ইয়াৰে পাঁচ শতাংশ হ’ব লাগিব গ্ৰাম্যাঞ্চলত। নিঃসন্দেহে এই সফলতাৰ সংযোজনে অসম গেছ কোম্পানীৰ ব্যৱসায়ীক উত্তৰণত দিগ নিৰ্ণয় কৰিব ।

You might also like