ক’ভিডক ৰুধিবলৈ সাজু উত্তৰ–পূব সীমান্ত ৰে’লৱে
নিয়মীয়া বাৰ্তা, ১৯ মে’ঃ ভাৰতত দ্রুতগতিত বৃদ্ধি পোৱা ক’ভিড–১৯ মহামাৰী সংক্রমণৰ ফলত ক্রমান্বয়ে বাঢি আহিছে ক’ৰোনা আক্রান্তৰ সংখ্যাও৷ ইয়াৰ ফলত ভাৰত চৰকাৰে কালিৰে পৰা দেশজুৰি বলৱৎ কৰিছে লকডাইন ৪.০৷ চৰকাৰে যুদ্ধকালীন প্রচেষ্টাৰে দেশৰ বিভিন্ন প্রান্তৰৰ চৰকাৰী–বেচৰকাৰী চিকিৎসালয়, বিদ্যালয় আদি অনুষ্ঠান–প্রতিষ্ঠানস্ তথা খেলপথাৰত ক’ৰোনা পজিটিভ ৰোগীসকলৰ বাবে আইছ’লেচন কক্ষ আৰু কোৱাৰেণ্টাইন চেণ্টাৰৰ ব্যৱস্থা কৰা হৈছে৷ ভাৰত চৰকাৰে প্রতিকূল পৰিস্থিতিৰ সৈতে যুঁজ দিবলৈ আগতীয়াকৈ গ্রহণ কৰা চিকিৎসা গৃহ তথা কোৱাৰেণ্টাইন ব্যৱস্থাক পূর্ণ সমর্থন আগবঢাই ভাৰত চৰকাৰৰ ৰে’ল মন্ত্রালয়ে নিজাববীয়াকৈ সাজু কৰি তুলিছে দেশৰ বিভিন্ন প্রান্তৰত থকা ৫ হাজাৰ শ্লীপাৰ দবা৷ এই দবাসমূহ ক’ভিড ৰোগীৰ বাবে আইছ’লেচন ৱার্ডলৈ ৰূপান্তৰিত কৰি তোলা হৈছে৷
এই সংক্রান্তত উত্তৰ–পূব সীমান্ত ৰে’লৱে জনসম্পর্কৰক্ষী বিষয়া নৃপেন ভট্টাচার্যই ‘নিয়মীয়া বার্তা’ক জানিবলৈ দিয়া অনুসৰি–ভাৰত চৰকাৰৰ ৰে’ল মন্ত্রালয়ৰ নিদের্শমর্মে উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ অধীনত ৩১৫টা শ্লীপাৰ দবা সংৰক্ষণ কৰিছে ক’ভিড–১৯ ৰোগীৰ বাবে৷ সেইদৰে ২০টা ৰে’লৱে ষ্টেচনক ক’ভিড চেণ্টাৰ হিচাপে সাজু কৰি তোলা হৈছে৷ প্রত্যেকটো শ্লীপাৰ দবাত ৮–৯জনকৈ মুঠ ২৫০০গৰাকী ক’ভিড ৰোগীৰ বাবে আইছ’লেচন ৱার্ডৰ যাৱতীয় চিকিৎসা ৱ্যৱস্থাসমূহ প্রস্তুত কৰি তোলা হৈছে৷ ইতিমধ্যে ক’ভিড চেণ্টাৰৰ বাবে সাজু কৰি তোলা ষ্টেচনকেইটা হৈছে একাদিক্রমে আগৰতলা, আলিপুৰদুৱাৰ জংচন, আম্বাছা, বদৰপুৰ, ডিব্রুগড, গুৱাহাটী, কামাখ্যা, কাটিহাৰ, লামডিং, নিউ বঙাইগাঁও, নিউ কোচবিহাৰ, নিউ জলপাইগুৰি, নিউ তিনিচুকীয়া, ৰঙাপৰা নর্থ, ৰঙিয়া, শিলচৰ, মৰিয়নি, মুর্কংচেলেক, নিউ আলিপুৰদুৱাৰ আৰু শিলিগুৰি ষ্টেচন৷ অসম চৰকাৰৰ স্বাস্থ্য বিভাগে প্রয়োজন অনুসাৰে কোৱাৰেণ্টাইন চেণ্টাৰৰ কাৰণেও শ্লীপাৰ দবাসমূহ ব্যৱহাৰ কৰিব পাৰিব বুলি সদৰী কৰিছে উত্তৰ–পূব সীমান্ত ৰে’লৱে বিষয়াগৰাকীয়ে৷ ইয়াৰ ৰোগীসকলক ৰে’লৱে চিকিৎসক আৰু চৰকাৰী চিকিৎসকে যৌথ প্রচেষ্টাৰে চিকিৎসা সেৱা আগবঢাবলৈ প্রস্তুত৷
অৱশ্যে ৰে’লৱে বিভাগ সম্পূর্ণৰূপে এইক্ষেত্রত সাজু হৈ উঠিছে যদিও এতিয়ালৈ কোনোধৰণৰ ক’ভিড ৰোগী অথবা কোৱাৰেণ্টাইনৰ কাৰণে কোনো লোকক ভর্তি কৰোৱা হোৱা নাই৷ সেইদৰে উত্তৰ–পূব সীমান্ত ৰে’ল বিভাগে নিজাববীয়াকৈ নতুনবঙাইগাঁও আৰু ডিব্রুগড ৰে’লৱে ৱর্কশ্বপত এতিয়ালৈ প্রায় এহেজাৰ পি পি ই কিট মজুত কৰাৰ লগতে আন এহেজাৰ পি পি ই কিট বনোৱাৰ বাবে প্রস্তুতি আৰম্ভ কৰিছে৷ ৰে’লৱে মহিলা কম্ৰ দ্বাৰাই ৰোগ প্রতিৰোধক মাস্ক তৈয়াৰ কৰি শ্রমিকসকলক বিনামূলীয়াকৈ প্রদান কৰি আহিছে মাস্কসমূহ৷ উল্লেখ্য যে লকডাউনৰ উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ অধীনত অত্যাৱশ্যকীয় খাদ্য সামগ্রী কঢিওৱা ১০০০খনৰো অধিক মালবাহী ৰে’ল আৰু পনীৰ, গাখীৰ, পাচলি, বিস্কুট, মেগী, প্রসাধন সামগ্রী ইত্যাদি কঢিওৱা ২০০ খনৰো অধিকপার্চেল ৰে’ল পূর্ণোদ্যমে চলিছে৷ ইয়াৰে উত্তৰ–পূর্বাঞ্চললৈ দৈনিক দিনে–নিশাই ১০–১৫খন মালবাহী ৰে’লেৰে উক্ত অত্যাৱশ্যকীয় সামগ্রীসমূহ ভাৰতৰ ভিন্ন প্রান্তৰ পৰা কঢিয়াই ৰাইজৰ দুৱাৰডলিত উপস্থিত হৈছে৷