নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিচিত ৰাজ্যপালৰ শাসন ন্যায়সংগত: শৰণীয়া

নিয়মীয়া বাৰ্তা, ১৯ মে’ঃ ‘বিটিচিত দীর্ঘ বছৰ শাসন কৰি থকা ক্ষমতালোভী, বিভিন্ন অপৰাধত অভিযুক্ত লোকক ৰাজনীতিৰ পৰাই চিৰবিদায় দিবলৈ সাজু হৈ আছে ৰাইজ৷’ এই মন্তব্য কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ৷ তেওঁ কয় যে সম্প্রতি ক’ভিড–১৯ৰ পৰিপ্রেক্ষিতত দুই–এমাহৰ ভিতৰত  কোনোপধ্যে নির্বাচন অনুষ্ঠিত কৰাটো সম্ভৱ নহয়৷ গতিকে ক’ভিড–১৯ শাম কাটিলে অহা ছেপ্ঢেম্বৰ মাহৰ আগে–পিছে নির্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷ সেই সময়লৈকে বিটিচিত ৰাজ্যপালৰ শাসন চলিয়ে থাকিব৷

বিটিচিত ৰাজ্যপালৰ শাসনৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা বিপিএফে মুখথেকেচা খাব বুলি মন্তব্য কৰি সাংসদগৰাকীয়ে ন্যায়ালয়ৰ ৰায় বিপিএফৰ সপক্ষে যাব বুলি দলৰ সদস্যই স্ফূর্তি কৰিবলৈ ফটকা কিনি ৰাখিছিল৷ কিন্তু তেওঁলোকৰ সেয়া ফলৱতী নহ’ব, বিটিচিত ৰাজ্যপালৰ শাসন সঠিক আৰু সম্পূর্ণ ন্যায়সংগত হৈছে বুলি কয়৷ সেয়েহে অহা দহ–পোন্ধৰ দিনৰ ভিতৰত আহিব লগা ন্যায়ালয়ৰ ৰায় বিপিএফৰ বিৰূদ্ধে যাব আৰু নিজ দলৰ নেতা–কর্মীসকলক দলীয় প্রতীক জ্বলাবলৈ আহ্বান জনায়৷

সুদীর্ঘ বছৰ ধৰি ক্ষমতাত থকা দলটোৱে কোনোপধ্যে ক্ষমতা এৰিব নোখোজে বুলি কৈ তেওঁ কয় যে বিপিএফে আচলতে নিজৰ শাসন শেষ হোৱাত নিজে ৰাজ্যপালৰ শাসন বিচাৰিব লাগিছিল৷ কিন্তু তাকে নকৰি তেওঁলোকে ক্ষমতাৰ লোভ এৰিব নোৱাৰি ৰাজ্যপালৰ শাসনৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে৷ ছেপ্ঢেম্বৰত অনুষ্ঠিতব্য বিটিচিৰ নির্বাচনত বিপিএফৰ অপশাসনক ওফৰাই গণ সুৰক্ষা পার্টীয়ে পাৰিষদ গঠন কৰিব বুলি কয়৷

You might also like