নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উভতি আহিছে “উত্তৰ-পূব আন্তৰ্জাতিক ফেশ্বন সপ্তাহ ২০২১”, গুৱাহাটীত ২৩-২৪ এপ্ৰিলত

নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ উত্তৰ-পূবৰ বহু প্ৰতীক্ষিত ফেশ্বন অনুষ্ঠান ‘উত্তৰ-পূব আন্তঃৰাষ্ট্ৰীয় ফেশ্বন সপ্তাহ – ২০২১’ অহা ২৩ আৰু ২৪ এপ্ৰিলত গুৱাহাটীৰ  মাছখোৱাৰ আই টি এ প্ৰকল্পত অনুষ্ঠিত হ’ব। ফেশ্বন ডিজাইনাৰ প্ৰশান্ত ঘোষৰ অধীনত ক্ৰিয়েটিভ পিপলে ভাৰতৰ উত্তৰ-পূবৰ অন্যতম শ্ৰেষ্ঠ ফেশ্বন ডিজাইনাৰ আৰু ফেশ্বন কোৰিঅ’গ্ৰাফাৰৰ দ্বাৰা এই সুন্দৰ অনুষ্ঠানটো পৰিচালনা আৰু আয়োজন কৰি আহিছে ২০১৫ চনৰ পৰা।

উত্তৰ-পূবৰ ফেশ্বন অনুষ্ঠানৰ এক উল্লেখযোগ্য অনুষ্ঠান ৰূপে পৰিচিত আন্তঃৰাষ্ট্ৰীয় ফেশ্বন সপ্তাহত ভাৰত আৰু বিদেশৰ উল্লেখযোগ্য ফেশ্বন ডিজাইনাৰে নিজ নিজ ডিজাইন প্ৰদৰ্শন কৰিবলৈ অংশগ্ৰহণ কৰি আহিছে। এইবাৰো অনুষ্ঠানত এনে দেশ-বিদেশৰ ফেশ্বন ডিজাইনাৰৰ সৃষ্টিশীলতাই অনুষ্ঠানটো গুঞ্জনময় কৰি তুলিব বুলি আশাবাদী পৃষ্ঠপোষক প্ৰশান্ত ঘোষ।

“সকলোৰে বাবে ফেশ্বন” শীৰ্ষক বাণীৰে অনুষ্ঠিতব্য এই ফেশ্বন অনুষ্ঠানৰ মুখ্য ব্যক্তি প্ৰশান্ত ঘোষে বিশ্বাস কৰে যে ভাৰতীয় বিবিধ সূতাৰ আধাৰত ফেশ্বন শিল্পীসকলে নিৰ্মাণ কৰা ডিজাইনে ফেশ্বনৰ পৃথিৱীত এক অতুলনীয় যাদু সৃষ্টি কৰিব পাৰিব। ভাৰত আৰু বিদেশত ২০০০ ৰো অধিক ফেশ্বন আৰু সৌন্দৰ্য সম্পৰ্কীয় অনুষ্ঠান পৰিচালনা কৰা প্ৰশান্ত ঘোষৰ ফেশ্বন সংগ্ৰহ সমগ্ৰ বিশ্বতে ব্যাপকভাৱে জনপ্ৰিয়। (ভিজিট www.prasanttghosh.org)

২০১৫ চনৰ পৰা ফেশ্বন ডিজাইনাৰ তথা কৰিঅ’গ্ৰাফাৰ প্ৰশান্ত ঘোষ আৰু তেওঁৰ দলে উত্তৰ-পূবত ফেশ্বনৰ উল্লেখনীয় মঞ্চ সৃষ্টি কৰা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সমৃদ্ধ হস্ততাঁত শিল্পক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত একত্ৰিত কৰাৰ ক্ষেত্ৰত নিষ্ঠাৰে কাম কৰি আহিছে। এনে নিষ্ঠা-একাগ্ৰতাৰ ফল হৈছে উত্তৰ-পূব আন্তৰ্জাতিক ফেশ্বন সপ্তাহ ২০২১”।

ষষ্ঠবাৰৰ বাবে অনুষ্ঠিতব্য এন.ই.আই.এফ.ডব্লিউৰ উদ্দেশ্য উত্তৰ-পূবৰ বাৰেৰহণীয়া হস্ততাঁত আৰু হস্তশিল্পৰ প্ৰচাৰ কৰা। উল্লেখ্য, এন.ই.আই.এফ.ডব্লিউত মালয়েছিয়া, ম্যানমাৰ, শ্ৰীলংকা, বাংলাদেশ, নেপাল আৰু ভূটানৰ ডিজাইনাৰ আৰু মডেলৰ আকৰ্ষণীয় লাইন-আপ আছে। এইটো এই অৰ্থত এক যুগান্তকাৰী ঘটনা যে উত্তৰ-পূব এতিয়া চুবুৰীয়া অঞ্চলৰ সকলো ডিজাইনাৰৰ বাবে ফেশ্বনৰ মূল গন্তব্য স্থান হ’বলৈ গৈ আছে।

এইবাৰৰ অনুষ্ঠানত ডিজাইনসহ অংশ ল’ব মনীষা ৰাজবংশী, সুস্মিতা মণ্ডল (নেপাল), পায়েল বিশ্বাস (পশ্চিম বংগ), হুয়াংপি ৰাণী গোহাঁইৰ দৰে উদীয়মান ফেশ্বন ডিজাইনাৰসকল উপস্থিত থাকিব।

নিতু চক্ৰৱৰ্তী দাস, হৰ্ষ বি চৌধুৰী (মুম্বাই), জেনু দৌয়ুম, নাবাম য়াছিং (অৰুণাচল প্ৰদেশ), পূৰৱী বৰা, সুজাতা বড়ো, গিগি (ছিকিম), লাজু লেপচা, ৰিচা ৰাভা, নোৱেলানি মুছাহাৰী, ৰাখী সিংঘা, দেৱী দে, (পশ্চিম বংগ), কাজল কুমাৰী, চনি সাহানি চৌধুৰী, ৰাজদীপ কুণ্ডু, মনালিছা দাস, অনীশা শৰ্মা, প্ৰকৃতি ধামালা, অৰবিন টনজাম (মণিপুৰ), বন্দিতা দাস, ৰাজলক্ষ্মী পল, মেধাছঃ দ্য ফ্লেয়াৰ শ্বপ (কলকাতা), আলোকা ৰাভা, জ্যোতি বেইপি (কাৰ্বি আংলং), চাৰা মিৰাজ (দিল্লী), মুকেশ ডুবে (দিল্লী) আৰু লেকমে ফেশ্বন সপ্তাহৰ পৰা ভাৰতৰ দুজন অতি বিশিষ্ট ডিজাইনাৰেও এই অনুষ্ঠানত ভাগ লৈ ফেশ্বন অনুষ্ঠানটোক গতি প্ৰদান কৰিব।

You might also like