নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহাৰ সৰিয়হতলি আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয় আৰু দৌল উৎসৱৰ ৰূপালী জয়ন্তী

নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ ৰহাৰ পৰা প্ৰায় দহ কিলোমিটাৰ দূৰৈত অৱস্থিত সৰিয়হতলি আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয় আৰু সৰিয়হতলি দৌল গোবিন্দ উৎসৱে ২৫টা বছৰত ভৰি দিয়া উপলক্ষে কালিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰূপালী জয়ন্তী উৎসৱৰ আজি দ্বিতীয় দিনা এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই অঞ্চলটো মুখৰিত কৰি তোলে।

দিনৰ ১০ বজাত সমাজকৰ্মী তথা বায়ন লাচিত ডেকাই উদ্বোধন কৰা এই শোভাযাত্ৰাত তিৱা, কাৰ্বি, গাৰো,নেপালী,আদিকে ধৰি বিভিন্ন জনগোষ্ঠীৰ নৃত্য, গায়ন বায়ন, সত্ৰীয়া সংস্কৃতি, বিহু নৃত্যৰ দলৰ লগতে জাক জাক ডেকা গাভৰু ,পুৰুষ মহিলাৰ জাউৰিয়ে জাউৰিয়ে নাম আদিৰ মাজেৰে উলিওৱা এই আকৰ্ষণীয় শোভাযাত্ৰাই আজি কপিলীৰ পাৰৰ বৃহত্তৰ অঞ্চলৰ ৰাইজক আকৰ্ষণ কৰা পৰিলক্ষিত হয়।

শোভাযাত্ৰাত শিশুৰ পৰা বৃদ্ধলৈকে জাতি ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰি অঞ্চলটো এক মহামিলনৰ ক্ষেত্ৰত পৰিণত কৰে।

নিশা স্থানীয় শিল্পীৰ জৰিয়তে কেলিগোপাল নাট পৰিবেশন কৰা হয়। কাইলৈ তৃতীয় দিনা পুৱা  ১০ বজাত ন-পুৰণি ছাত্ৰ ছাত্ৰীৰ সন্মিলন, দুপৰীয়া ১ বজাত শৈক্ষিক আলোচনা চক্ৰ আৰু নিশা সামাজিক নাট প্ৰদৰ্শন কৰা হ’ব। কালি বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে যতীন্দ্ৰ মোহন শৰ্মাই।

তিৱা স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰণৱজ্যোতি মছৰঙে স্মৃতি তৰ্পণ কৰে ।পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি অজিত সিং কোঁৱৰে । পুৱা ৰূপালী জয়ন্তী উপলক্ষে বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰয়াত নকুল চন্দ্ৰ বৰদলৈ সোঁৱৰণী স্থায়ী তোৰণৰ দ্বাৰ উন্মোচন কৰে দাতা হাঁহিমলা বৰদলৈয়ে।

দুপৰীয়া “বৰ্তমান সময়ত দৌল উৎসৱৰ প্ৰাসংগিকতা” শীৰ্ষক ধৰ্মীয় আলোচনা চক্ৰ সঞ্চালনা কৰে প্ৰদীপ কুমাৰ বৰদলৈয়ে। আলোচনা চক্ৰত অংশগ্ৰহণ কৰে ড. প্ৰশান্ত খাউণ্ড আৰু হোমেশ্বৰ দেউৰীয়ে । নিশা তিৱা স্বায়ত্ত পৰিষদৰ ই এম প্ৰণৱ জ্যোতি মছৰঙে  অসমীয়া ভাওনা উদ্বোধন কৰে ।

You might also like