নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয়সকলৰ বাবে নিউজিলেণ্ডৰ দুৱাৰ অস্থায়ীভাৱে বন্ধ

নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ ভাৰতত ক’ৰোনা সংক্ৰমণে ক্ৰমান্বয়ে এক ভয়ংকৰ ৰূপ লৈছে। প্ৰতিদিনে বাঢ়ি আহিছে ক’ৰোনা সংক্ৰমিতৰ সংখ্যা। যোৱা দুদিনত দেশত ক’ৰোনা সংক্ৰমণে  একপ্ৰকাৰ সীমা অতিক্ৰম কৰিছে।

এনেক্ষেত্ৰত নিউজিলেণ্ড চৰকাৰে ভাৰতীয় পৰ্যটকসকলক নিউজিলেণ্ডত প্ৰৱেশ কৰাত সাময়িকভাৱে বাধা আৰোপ কৰিছে । নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডেনে বৃহস্পতিবাৰে এছিয়া মহাদেশৰ বিভিন্ন প্ৰান্তত ক’ৰোনাৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হোৱাৰ লগে লগে এই সিদ্ধান্ত গ্ৰহণ কৰে।

কেৱল সেয়াই নহয়, এতিয়া ভাৰতত থকা নিউজিলেণ্ডৰ বাসিন্দাসকলেও অস্থায়ীভাৱে ঘৰলৈ উভতিব নোৱাৰিব। নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্দানে এখন সংবাদমেলত কয় যে ভাৰতীয় পৰ্যটকসকলক ১১ এপ্ৰিলৰ স্থানীয় সময় অনুসৰি আবেলি ৪ বজাৰ পৰা নিউজিলেণ্ডত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে।

ইয়াৰ অৰ্থ হৈছে ভাৰতীয়সকলে ১১ এপ্ৰিলৰ পৰা নিউজিলেণ্ডত প্ৰৱেশ কৰিব নোৱাৰিব। আনকি ভাৰতত থকা নিউজিলেণ্ডৰ বাসিন্দাসকলেও প্ৰৱেশ কৰিব নোৱাৰিব। নিয়মটো ২৮ এপ্ৰিললৈকে বলৱৎ থাকিব।

উল্লেখ্য যোৱা ২৪ ঘণ্টাত ভাৰতত ১,২৬,২৬৫ জন লোক ক’ৰোনাত আক্ৰান্ত হৈছে।

You might also like