নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰ : দৰিদ্ৰতাক নেওচি নিজ প্ৰতিভাৰে উজলি উঠিল ভেৰগাঁৱৰ ডিমাকুছিৰ দুই যুৱক-যুৱতী। ওদালগুৰি জিলাৰ ডিমাকুছিৰ দুই সন্তান মনিন্দ্ৰ ৰাজবংশী আৰু ৰুণুমী নাথে শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ এডিআৰইৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অসম আৰক্ষীত নিযুক্তি লাভ কৰি বৃহত্তৰ অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷
দিনহাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পিতৃৰ সন্তান মনিন্দ্ৰ ৰাজবংশী আৰু ৰুণুমী নাথে অশেষ কষ্টেৰে পঢ়া-শুনা কৰি অসম আৰক্ষীৰ বাবে বাছনি লাভ কৰাত দুয়োগৰাকীকে প্ৰশংসাৰে ওপচাই দিছে ডিমাকুছিৰ ৰাইজে ৷ ইফালে, দুয়োগৰাকী যুৱক-যুৱতীয়ে অসম আৰক্ষীৰ বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈ মুখ্যমন্ত্ৰীৰ স্বচ্ছ আৰু নিকা পদ্ধতিৰে এক টকাও খৰচ নকৰাকৈ বিনামূলীয়াকৈ চাকৰি লাভ কৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনোৱাৰ লগতে প্ৰশংসা কৰে ।
সফলতাৰ বাটত যে দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে ইয়াকে যেন পুনৰ প্ৰমাণ কৰি দেখুৱালে ডিমাকুছিৰ ১নং সোণাজুলিৰ ঠেলাচালক লোহিত ৰাজবংশীৰ পুত্ৰ মনিন্দ্ৰ ৰাজবংশী আৰু দিনহাজিৰা কৰি পৰিয়াল পোহপাল দিয়া শিতেশ্বৰ নাথৰ কন্যা ৰুণুমী নাথে ৷ সৰুতে মাতৃহাৰা মনিন্দ্ৰ ৰাজবংশীক পিতৃ লোহিত ৰাজবংশীয়ে ঠেলা চলাই পঢ়া-শুনা কৰাইছিল। অৱশেষত সেই ধনেৰে নোজোৰাত মনিন্দ্ৰই বেলেগৰ হোটেলত কাম কৰি পিছলৈ নিজে এখন সৰুকৈ চাহ দোকান খুলি চলি আছিল। ইফালে, ৰুণুমী নাথক বেলেগৰ ঘৰত দেউতাকে দিনহাজিৰা কৰি উচ্চ শিক্ষাৰ সুবিধা প্ৰদান কৰিছিল । দুয়োগৰাকী মেধাৱী যুৱক-যুৱতীৰ সাফল্যৰ বতৰা বিয়পি পৰাৰ লগে লগে অসংখ্য লোক দুয়োৰে বাসগৃহত উপস্থিত হৈ শুভেচ্ছা জনায়৷
প্ৰেৰক পিংকু কলিতা