নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণতলী চৰৰ তিনি যুৱক-যুৱতীৰ সাফল্য : অসম আৰক্ষীৰ কনিষ্টবল পদত চাকৰি লাভ

নিয়মীয়া বাৰ্তা, সোণতলী, ১২ অক্টোবৰ : কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ সোণতলী অঞ্চলৰ তিনিগৰাকী যুৱক-যুৱতীয়ে আৰক্ষীৰ বিভিন্ন পদত নিযুক্তি লাভ কৰি চৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

সদ্যঘোষিত অসম আৰক্ষীৰ বিভিন্ন পদত নিযুক্তি লাভ কৰিলে সোণতলীৰ তিনিগৰাকীকৈ যুৱক-যুৱতীয়ে ৷ সম্পূৰ্ণ যোগ্যতা আৰু দক্ষতাৰ ভিত্তিত নিযুক্তি লাভ কৰি সুখী সোণতলীৰ তিনিওগৰাকী যুৱক-যুৱতী ৷ সোণতলীত এই যুৱক-যুৱতীৰ দলটোৱে দুবছৰ পূৰ্বে গঠন হোৱা য়ুথ এম্পাৱাৰমেন্ট ফ’ৰাম নামৰ সংস্থাটোৰ জৰিয়তে পৰীক্ষাৰ বাবে একেলগে চলাইছিল প্ৰস্তুতি ৷ যুৱক-যুৱতীকেইগৰাকীৰ এই সফলতাত সুখী য়ুথ এম্পাৱাৰমেন্ট ফ’ৰামৰ প্ৰত্যেকজন কাৰ্যকৰ্তাৰ লগতে বৃহত্তৰ সোণতলী অঞ্চলৰ ৰাইজ ৷

কালি অনুষ্টুপীয়াকৈ য়ুথ এম্পাৱাৰমেন্ট ফ’ৰামৰ ফালৰ পৰা সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে৷ মীৰ্জা লুৎফৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাত অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হোৱা তিনিওগৰাকীক ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনায়।

জানিব পৰা মতে, উত্তীৰ্ণ হোৱা যুৱক-যুৱতীকেইগৰাকী ক্ৰমে পথালিপাৰা গাঁৱৰ তফিজ উদ্দিনৰ পুত্ৰ নুৰ উদ্দিন, ছমৰীয়া পাম গাঁৱৰ ইব্ৰাহিম আলী একান্দৰ পুত্ৰ আশ্বাফ একান্দ, সেলেসুঁতি গাঁৱৰ ৰহিম উদ্দিনৰ কন্যা ৰাশিদা বেগমক সম্বৰ্ধনা জনায়৷ উক্ত সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে য়ুথ এম্পাৱাৰমেন্ট ফ’ৰামৰ মুখ্য পৃষ্ঠপোষক তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আমান ওৱাদুদ, সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মোবাৰক হুছাইন, অধ্যাপক ড° ইয়াছিন আলী, ড° শ্বাহ ছফিউজ জামান, ড° আনোৱাৰ হুছাইন, ড° আব্দুল ওৱাহাব, ড° আজমল হক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বহুসংখ্যক অভিভাৱক উপস্থিত থাকে।

প্ৰেৰক নয়ন আলী

You might also like