নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : বায়ু প্রদূষণ

জীৱশ্রেষ্ঠ মানৱসৃষ্ট কাৰকৰ বাবেই আমি বাস কৰা গ্রহ পৃথিৱীলৈ সংকট নামি আহিছে৷ বিশ্বব্রহ্মাণ্ডত জীৱৰ বাসোপযোগী হিচাপে উপযুক্ত গ্রহ পৃথিৱীৰ বায়ুমণ্ডল শেহতীয়াভাৱে ভয়ংকৰ প্রদূষণৰ কবলত পৰিছে৷ প্রাকৃতিকভাৱে সর্বাংগসুন্দৰ পৃথিৱী প্রদূষিত হৈ পৰিছে৷ পৃথিৱীৰ বায়ু, মাটি আৰু পানীত ইমানেই প্রদূষণ বৃদ্ধি পাইছে যে মানৱ জাতিৰ বাবে ই প্রত্যাহ্বান হৈ উঠিছে৷ পৃথিৱীত মানৱ জাতিৰ অস্তিত্বৰ প্রতি ভাবুকি আহিছে৷ বায়ু প্রদূষণে এনে পর্যায় পাইছেগৈ যে মানৱ স্বাস্থ্যৰ বাবে ই অত্যন্ত বিপজ্জনক হৈ পৰিছে৷ বায়ু প্রদূষণৰ বাবে মানুহৰ দেহত অনেক ৰোগে ভয়ানক ৰূপ লৈছে৷ বায়ুত পিএম ২.৫ৰ মাত্রা ইমান বেছি হৈছে যে ই মানৱৰ বাবে বিপজ্জনক হৈ উঠিছে৷ আনকি আমি বাস কৰা পৃথিৱীত জীৱৰ বাসোপযোগী হৈ থাকিব নে নাথাকিব তাক লৈ বিজ্ঞানীসকল শংকিত হৈ পৰিছে৷ মানৱসৃষ্ট কাৰণৰ বাবে পৃথিৱী যে জীৱৰ উপযোগী হৈ আৰু বেছি বছৰ নাথাকিব সেই সন্দর্ভত প্রখ্যাত পদার্থ বিজ্ঞানী ষ্টিফেন হকিঙে ইতিমধ্যে সকীয়নি দি গৈছে৷ মন কৰিবলগীয়া যে বায়ু প্রদূষণৰ মাত্রা পৃথিৱীৰ বায়ুত এনেধৰণে বৃদ্ধি পাইছে যে বিশ্বস্বাস্থ্য সংস্থাই নির্ধাৰণ কৰা পিএম ২.৫ৰ মাত্রাতকৈ ১০ গুণতকৈও অধিক বৃদ্ধি পাইছে৷ এই ভয়াৱহ তথ্য ছুইছৰ আইকিউএয়াৰ নামৰ বিশ্বখ্যাত বায়ু নিৰীক্ষণ সংস্থা এটাই অধ্যয়ন আৰু গৱেষণাৰ অন্তত প্রতিবেদন আকাৰে প্রকাশ কৰিছে৷ বিশ্বৰ ১৩৪খন দেশৰ ৭,৮১২খন চহৰৰ বায়ু প্রদূষণৰ মাত্রা অধ্যয়নৰ অন্তত প্রকাশ কৰা প্রতিবেদন মতে পৃথিৱীৰ অধিকাংশ চহৰতে পিএম ২.৫ৰ মাত্রা অধিক বৃদ্ধি পাইছে৷ বিশ্ব স্বাস্থ্য সংস্থাই নির্ধাৰণ কৰা বায়ুমান নির্দেশনা অনুসৰি বায়ুত পিএম ২.৫ প্রতি ঘনমিটাৰত ১০ মাইক্র’গ্রামৰ পৰা ৫ মাইক্র’গ্রাম থাকিব লাগে৷ কিন্তু আইকিউএআৰৰ অধ্যয়নত প্রকাশিত প্রতিবেদনত বিশ্বৰ অধিকাংশ দেশতেই বিশ্ব স্বাস্থ্য সংস্থাৰ নির্দেশনাতকৈ পিএম ২.৫ৰ মাত্রা ১০গুণৰ অধিক৷

আইকিউএয়াৰৰ বিশ্ব বায়ুমান প্রতিবেদন ২০২৩ৰ প্রতিবেদন মতে পিএম ২.৫ৰ ঘনত্ব বৃদ্ধিৰ তুলনাৰে বিশ্বজুৰি দেশসমূহৰ বায়ু প্রদূষিত দেশৰ তালিকা এখন প্রস্তুত কৰা হৈছে, এই তালিকাত প্রথম স্থানত বাংলাদেশ আছে৷ বাংলাদেশৰ পিএম ২.৫ৰ ঘনত্ব ৭৯.৯, দ্বিতীয় স্থানত থকা পাকিস্তানৰ ৭৩.৭, তৃতীয় স্থানত থকা ভাৰতৰ ৫৪.৪ মাইক্র’গ্রাম৷ শীর্ষ ১০ৰ ভিতৰত তাজিকিস্তান, বুর্কিনাফাছো, ইৰাক, ইউএই, নেপাল, ইজিপ্ত আৰু কংগো ৰিপাব্লিক আছে৷ ১৩৪খন দেশৰ ভিতৰত প্রদূষিত দেশৰ তালিকাত অন্তিম স্থানত আছে ফ্রেণ্ডছ পলিনেছিয়া৷ মৰিছাছ, আইচলেণ্ড, গ্রেনেডা, বার্মুদা, নিউজিলেণ্ড, অষ্ট্রেলিয়া, পুৱের্টো ৰিকো, এষ্ট্রোনিয়া, ফিনলেণ্ড, ছুইডেন আদি দেশৰ স্থান তালিকাৰ নিম্ন স্থানত আছে৷ অর্থাৎ এই দেশসমূহৰ বায়ু প্রদূষণৰ মাত্রা কম৷ মন কৰিবলগীয়া যে ভাৰতৰ বিহাৰৰ বেগুচৰাই বিশ্বৰ সর্বাধিক প্রদূষিত চহৰৰ তালিকাত শীর্ষস্থান পাইছে৷ অসমৰ ৰাজধানী চহৰ গুৱাহাটী বিশ্বৰ দ্বিতীয় সর্বাধিক প্রদূষিত চহৰ৷ তেনেদৰে দেশৰ ৰাজধানী নতুন দিল্লী তৃতীয় স্থানত আছে৷ উনুকিয়াব লাগিব যে ৰাজধানী নতুন দিল্লীৰ বিগত কেইবাবছৰ ধৰি প্রদূষিত চহৰৰ তালিকাত দেশৰ শীর্ষ স্থানত আছিল৷ কিন্তু এইবেলি তালিকাত তৃতীয় স্থানলৈ অৱনমিত হৈছে৷ বায়ুমান নিম্নগামী হোৱা কিম্বা বায়ু প্রদূষিত হোৱাৰ বাবে মানৱ স্বাস্থ্যৰ প্রতি ভাবুকি হৈ উঠিছে৷ আইকিউএয়াৰে পৃথিৱীজুৰি বায়ুমান দ্রুতগতিত অৱনমিত হৈ গ্রহটোৰ বাবে অশনি সংকেত কঢ়িয়াই অনা বুলি সতর্কবাণী জাৰি কৰি এই সন্দর্ভত দেশসমূহক সজাগ আৰু সচেতন হ’বলৈ আহ্বান জনাইছে৷ প্রতিবেদনত বায়ুমান উন্নীত কৰিবলৈ কিম্বা বায়ুমান আৰু অধিক প্রদূষিত কৰাৰ পৰা পৃথিৱীক ৰক্ষা কৰিবলৈ হ’লে চৰকাৰৰ পৰা বেচৰকাৰী সংস্থালৈকে, শিক্ষাবিদৰ পৰা গৱেষকলৈকে, উদ্যোগপতিৰ পৰা সাধাৰণ নাগৰিকলৈকে সকলোকে সচেতন হোৱাৰ পৰামর্শ আগবঢ়োৱা হৈছে৷ সময় থাকোঁতে যদি বায়ুমান সঠিক ৰখাত গুৰুত্ব দিয়া নহয়, তেতিয়া হ’লে পৰৱর্তী সময়ত ই আৰু অধিক ভয়ানক হৈ উঠিব৷ প্রদূষিত বায়ুমণ্ডলৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱর্তনৰ সমস্যাটোৱে অধিক জটিলতাৰ ৰূপ ধাৰণ কৰিছে৷ গতিকে পৃথিৱীৰ প্রতিগৰাকী লোক সজাগ আৰু সচেতন হোৱা অতিকৈ দৰকাৰ৷

You might also like