নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮.১৪ কোটিৰ আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তিৰ মালিক সুকন্যা

🔹 ১,১৩৩ পৃষ্ঠাজোৰা চার্জশ্বীট দাখিল ভিজিলেঞ্চৰ
🔹 সাংসদ পুঁজিৰ ধন আত্মসাতৰ গোচৰত গ্রেপ্তাৰ হৈছিল এচিএছ বিষয়াগৰাকী

বিশেষ বাৰ্তা, ১৬ মার্চ : চৰকাৰী পদবীৰ অপব্যৱহাৰ কৰি নামে–বেনামে সম্পত্তিৰ পাহাৰ গঢ়া এ চি এছ বিষয়া তথা কামৰূপ জিলাৰ তদানীন্তন উপ–জিলা আয়ুক্ত সুকন্যা বৰাৰ বিৰুদ্ধে কালি চার্জশ্বীট দাখিল কৰিছে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে৷ গুৱাহাটীস্থিত বিশেষ ন্যায়াধীশৰ আদালতত তদন্তকাৰী সংস্থাটোৱে দাখিল কৰা ১,১৩৩ পৃষ্ঠাজোৰা চার্জশ্বীটত বিষয়াগৰাকীয়ে কিদৰে আয়–বহির্ভূত সম্পত্তিৰ গৰাকী হৈছিল সেয়া পৃষ্ঠাই পৃষ্ঠাই প্রকাশ পাইছে৷ চার্জশ্বীটত উল্লেখ কৰা অনুসৰি দুর্নীতিগ্রস্ত সুকন্যাৰ আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তিৰ পৰিমাণ হৈছে ৮,১৪,১৮,৫৩৩.৫৪ টকা৷ তেওঁৰ আয়বহির্ভূত সম্পত্তিৰ হাৰ হৈছে ৭৮৬.২ শতাংশ৷ উল্লেখ্য যে সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ ধন আত্মসাতৰ বাতৰি ২০২৩ বর্ষৰ ৩ ফেব্রুৱাৰীত ‘নিয়মীয়া বার্তা’ কাকতত সবিস্তাৰে প্রকাশ পাইছিল৷ ‘অজিত কুমাৰ ভূঞাৰ স্থানীয় সাংসদ এলেকা উন্নয়ন পুঁজিৰ পৰা আবণ্টিত ধনৰ হৰলুকী : কাম নকৰাকৈয়ে ঠিকাদাৰে মোকলাই নিলে হাজোৰ ৬টা পথৰ ধন’ শীর্ষক বাতৰিৰ পাছতে তদন্তকাৰী সংস্থাটোৱে সংশ্লিষ্ট কর্তৃপক্ষৰ অনুমতিৰ ভিত্তিত নিয়মীয়া তদন্ত আৰম্ভ কৰে৷ ২০২১–২২ আৰু ২০২২–২৩ বর্ষত সাংসদ পুঁজিৰ অধীনত কেইবাখনো আঁচনি ৰূপায়ণত হোৱা অনিয়মৰ প্রাথমিক তদন্তত লাভ কৰা তথ্যৰ ভিত্তিত মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে ০২/২০২৩ নম্বৰৰ এটা গোচৰ ৰুজু কৰে৷ ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি)/৪০৯/৪২০/২০১/৪৬৮/৪৭০ ধাৰাৰ লগতে দুর্নীতি প্রতিৰোধ আইনৰ ৭ (এ)/১৩ (১) (এ)/১৩ (২), অসম বিত্তীয় দায়বদ্ধতা আৰু বাজেট ব্যৱস্থাপনা আইনৰ ৮ ধাৰা আৰু অসম ৰাজহুৱা ক্রয় আইনৰ ৪১ ধাৰাৰ অধীনত এই গোচৰটো ৰুজু কৰা হয়৷ গোচৰটোৰ মূল অভিযুক্ত আছিল সুকন্যা৷ গোচৰটোৰ তদন্তৰ সময়ত আঁচনিখনত সংঘটিত অনিয়মৰ তথ্যৰ লগতে তদানীন্তন উপ–জিলা আয়ুক্ত সুকন্যাই আয়–বহির্ভূতভাৱে বিশাল পৰিমাণৰ সম্পত্তি আহৰণ কৰাৰ তথ্য পোহৰলৈ আহে৷ ইয়াৰ লগে লগে সুকন্যাৰ বিৰুদ্ধে তদন্তকাৰী সংস্থাটোৱে ৮/২০২৩ নম্বৰৰ আন এটা গোচৰ ৰুজু কৰি সুকন্যাৰ আয়–বহির্ভূত সম্পত্তিৰ বিৰুদ্ধে অনুসন্ধান আৰম্ভ কৰে৷ অসম অসামৰিক সেৱাৰ বিষয়া হিচাপে ৭ বছৰীয়া কার্যকালত তেওঁ আহৰণ কৰা সম্পত্তিৰ পৰিমাণ দেখি তদন্তকাৰী সংস্থাও হতচকিত হৈ পৰে৷ নামে–বেনামে এচিএছ বিষয়াগৰাকীয়ে গঢ়ি তুলিছিল সম্পত্তিৰ পাহাৰ৷ কেইবাদিনো ধৰি জেৰা চলোৱাৰ অন্তত যোৱা ১৮ জানুৱাৰীত সুকন্যাক গ্রেপ্তাৰ কৰা হয়৷ গ্রেপ্তাৰৰ পাছত তিনি দিন নিজৰ জিম্মাত ৰাখি তদন্তকাৰী সংস্থাটোৱে সোধা–পোছা কৰাৰ অন্তত আদালতত হাজিৰ কৰোৱা হয় আৰু তেওঁক কাৰাগাৰলৈ নিক্ষেপ কৰা হয়৷ সম্প্রতি গুৱাহাটীৰ জিলা কাৰাগাৰত তেওঁ বন্দী হৈ আছে৷ তদন্তৰ সময়ছোৱাত চার্টার্ড একাউণ্টেণ্ট প্রতিষ্ঠান এটাৰ জৰিয়তে এ চি এছ বিষয়াগৰাকীৰ বিত্তীয় লেনদেন আৰু অস্থায়ী–স্থায়ী সা–সম্পত্তিৰ পৰিমাণ গণনা কৰা হয়৷ ইয়াৰ ভিত্তিতে সুকন্যাৰ আয়–বহির্ভূত সম্পত্তিৰ পৰিমাণ ৮ কোটিৰো অধিক বুলি অৱগত হয় তদন্তকাৰী সংস্থা৷

You might also like