নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রীয় একতা দিৱসত দেশবাসীক উপহাৰ প্রধানমন্ত্রী মোদীৰ

গুজৰাটত মুকলি দেশৰ প্রথম ছী–প্লেন সেৱা

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰঃ দেশৰ প্রথম উপ–প্রধানমন্ত্রী লৌহ পুৰুষ চর্দাৰ বল্লভভাই পেটেলৰ ১৪৫সংখ্যক জন্মবার্ষিকী তথা ৰাষ্ট্রীয় একতা দিৱস কালি দেশজুৰি পালন কৰা হয়৷ দুদিনীয়া ভ্রমণসূচীৰে গৃহ ৰাজ্য গুজৰাটত থকা প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰাষ্ট্রীয় একতা দিৱস উপলক্ষে চর্দাৰ বল্লভভাই পেটেলক স্মৰণ কৰাৰ লগতে মুক্তিযোদ্ধাগৰাকীৰ অহোপুৰুষার্থৰ বাবে দেশত একতাৰ ভাবনা গঢ়ি উঠিছিল বুলি কয়৷

ৰাষ্ট্রীয় একতা দিৱস উপলক্ষে গুজৰাটৰ আহমেদাবাদত ষ্টেচু অৱ ইউনিটীৰ সমীপৰ কেৱাৰিয়াৰ পৰা সবৰমতী ৰিভাৰ ফ’ৰ্টলৈ ছী–প্লেন (সাগৰীয় উৰাজাহাজ) মুকলি কৰে৷ দেশৰ প্রথম সাগৰীয়া উৰাজাহাজ সেৱা মুকলি কৰি প্রধানমন্ত্রী মোদীৰ কেৱাৰিয়াৰ পৰা সবৰমতীলৈ ছী–প্লেনত যাত্রা কৰে৷ ১৯খন আসনবিশিষ্ট এই ছী–প্লেনে ২০০ কিলোমিটাৰ দূৰত্ব মাত্র ৪০ মিনিটতে সামৰিব পাৰিব৷ আহমেদাবাদত কালি মুকলি কৰা ছী–প্লেন সেৱা দেশৰ ১৪টা স্থানলৈ প্রসাৰিত কৰা হ’ব৷

এই ১৪টা স্থানৰ ভিতৰত উত্তৰ–পূর্বাঞ্চলৰ অসমো আছে৷ ছী–প্লেন সেৱা মুকলি কৰাৰ পূর্বে প্রধানমন্ত্রী মোদীয়ে ৰাষ্ট্রীয় একতা দিৱস উপলক্ষে আয়োজন কৰা এক কার্যসূচীত অংশগ্রহণ কৰি বিৰোধীক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ কংগ্রেছৰ নাম নোলোৱাকৈ প্রধানমন্ত্রী মোদীয়ে বিৰোধীক আক্রমণৰ লক্ষ্য কৰি লৈ কয় যে পুলৱামা আক্রমণত আত্মবলিদান দিয়া নিৰাপত্তা বাহিনীৰ লোকক লৈ যিসকলে ৰাজনীতি কৰিছে সেইসকল লোকক দেশে কেতিয়াও নাপাহৰে৷

উল্লেখ্য যে পুলৱামা আক্রমণত পাকিস্তান জড়িত থকা বুলি দেশখনৰ বিজ্ঞান আৰু প্রযুক্তিমন্ত্রী খাৱাদ চৌধাৰীয়ে সদনৰ বিতর্কত স্বীকাৰ কৰাৰ পাছতেই বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ মন্ত্রী প্রকাশ জাভাড়েকাৰে কংগ্রেছক ক্ষমা খুজিবলৈ দাবী জনায়৷ ইয়াৰ পাছতেই কালি প্রধানমন্ত্রী মোদীয়ে চর্দাৰ বল্লভভাই পেটেলৰ জন্মবার্ষিকীত দেশবাসীক সম্বোধন কৰি পাকিস্তানী মন্ত্রীৰ প্রসংগৰেই কংগ্রেছসহ বিৰোধীক কঠোৰ ভাষাৰে সমালোচনা কৰে৷

প্রধানমন্ত্রীগৰাকীয়্ কয় যে পুলৱামাৰ আক্রমণক লৈ পাকিস্তান সংসদত বিতর্কই ভাৰতত এই আক্রমণক লৈ ৰাজনীতি কৰাসকলৰ মুখা খুলি দিলে৷ দেশে যেতিয়া পুলৱামাত নিজৰ সন্তান হেৰুৱালে, সেই সময়ত একাংশই কেৱল ৰাজনীতিহে কৰিলে৷ তেওঁলোকে দেশৰ স্বার্থত তেনে ৰাজনীতি কৰা উচিত নহয়৷ পুলৱামা আক্রমণৰ সত্যতা পাকিস্তানে পোহৰলৈ অনাৰ প্রসংগ উল্লেখেৰে প্রধানমন্ত্রীগৰাকীয়ে পুনৰ কয় যে বিশ্বৰ সকলো দেশেই সন্ত্রাসবাদৰ বিৰুদ্ধে একত্রিত হোৱা প্রয়োজন৷ সন্ত্রাসবাদ আৰু হিংসাৰ পৰা কোনোজনেই লাভান্বিত নহয়৷

ভাৰতে সদায়ে সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজি আহিছে৷ ইপিনে কাশ্মীৰৰ উন্নয়ন সন্দর্ভত প্রধানমন্ত্রীগৰাকীয়্ কয়– ‘আজি কাশ্মীৰ বিকাশৰ নতুন পথত আগবাঢ়িছে৷ উত্তৰ–পূর্বাঞ্চলত শান্তি প্রতিষ্ঠাৰ পাছত উন্নয়ন ঘটিছে৷ আজি দেশত একতাৰ নতুন দিশ প্রতিষ্ঠা হৈছে৷ আনপিনে মহামাৰী ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজত অগ্রণী ভূমিকা লোৱা ক’ভিড যোদ্ধাসকলক ভূয়সী প্রশংসা কৰে প্রধানমন্ত্রীগৰাকীয়ে।

তেওঁ কয় যে মহামাৰী ক’ৰোনাৰ বিৰুদ্ধে যুঁজৰ অগ্রণী ক’ভিড–১৯ যোদ্ধাক ১৩০ কোটি ভাৰতীয়ৰ ঐক্যবদ্ধ হৈ সন্মান জনাইছে৷ এইদৰে দেশবাসীয়ে নিজৰ একতাক উজলাই তুলিছে৷ উল্লেখ্য যে দেশৰ প্রথম ছী–প্লেন সেৱাত প্রতিগৰাকী যাত্রীয়ে প্রায় ৪,৮০০ টকাৰে যাত্রা কৰিব পাৰিব৷ উড়ান আঁচনিৰ অধীনত এই সেৱা চলিব আৰু ছী–প্লেনৰ টিকট www.spiceshuttle.comত উপলব্ধ হ’ব৷ আহমেদাবাদৰ পৰা পুৱা ১০ বাজি ১৫ মিনিটত যাত্রা আৰম্ভ হ’ব আৰু কেৱাদিয়াৰ ষ্টেচু অৱ ইউনিটী ১০.৪৫ বজাত পাব৷ ব্যক্তিগত বিমান সেৱা কোম্পানী স্পাইচ জেটে এই ছী–প্লেন সেৱা পৰিচালনা কৰিব৷

You might also like