নূপুৰ বৰাক গ্ৰেপ্তাৰ : গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বন্ধ কাম-কাজ
কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নূপুৰ বৰাক আয় বহিৰ্ভূত গোচৰত মূখ্যমন্ত্ৰীৰ তদাৰক শাখাই গ্ৰেপ্তাৰ কৰাৰ পিছত গৰৈমাৰী চক্ৰ বিষয়া কাৰ্যালয়ৰ কাম-কাজ প্ৰায় বন্ধ হৈ পৰিছে ৷
উল্লেখ্য যে, সংখ্যালঘু এলেকা গৰৈমাৰীত চাকৰি সূত্ৰে পদাৰ্পণ কৰিয়েই একাংশ চৰকাৰী বিষয়া কৰ্মচাৰী নিমজ্জিত হৈ পৰে ব্যপক অনিয়ম আৰু দুৰ্নীতিত। যাৰ পৰিপেক্ষিতত ইতিমধ্য গৰৈমাৰী খণ্ড উন্নয়ন বিষয়া মণি দেবীয়ে ব্যপক দুৰ্নীতি কৰাৰ অভিযোগত চাকৰিৰ পৰা নিলম্বন কৰাৰ পিছতেই ২০২৩ চনৰ ডিচেম্বৰ মাহত খকুৱা আৰক্ষী বিষয়া তথা গৰৈমাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যাদৱ শৰ্মাই চাৰি হাজাৰ টকা ঘোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত হাতে লুটে গ্ৰেপ্তাৰ হৈছিল ৷
ইয়াৰ পিছত এইবাৰ মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ জালত পৰিছে গৰৈমাৰী ৰাজহ চক্ৰ বিষয়া নূপুৰ বৰা। কালি গুৱাহাটীৰ মালিগাঁৱৰ গোটা নগৰত থকা গৰৈমাৰী ৰাজহ চক্ৰ বিষয়া নূপুৰ বৰাৰ ভাড়াঘৰত মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই দিনজোৰা অভিযানত নগদ ধনসহ প্ৰায় ১ কোটি সত্তৰ লাখ টকাৰ আ-অলংকাৰ জব্দ হয়।
এই ঘটনাৰ পিছতেই গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী সকল আতংকিত হৈ কাৰ্যালয় এৰাৰ লগতে বন্ধ হৈ পৰিছে চৰকাৰী সকলো কাম কাজ। স্থানীয় ৰাইজেও মাটি-বাৰীৰ কাম কৰিবলৈ আহি উভতি যাৱলগা হৈছে।
জানিব পৰা মতে চক্ৰ বিষয়া নুপুৰ বৰাই গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চক্ৰ বিষয়া হিচাপে যোগদান কৰিয়েই ব্যপক দুৰ্নীতি আৰু অনিয়মৰ আশ্ৰয় লৈ সাধাৰণ ৰাইজৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰা অভিযোগ উত্থাপিত হৈছিল।
ইপিনে চক্ৰ বিষয়া গৰাকীৰ দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰা অভিযোগৰ ওপৰত তদন্ত বিচাৰি পূৱ-ছমৰীয়া ও গৰৈমাৰী শাখা ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিল ৷
উল্লেখ্য যে ইতিপূৰ্বে বৰপেটাত এইগৰাকী চক্ৰ বিষয়া নূপুৰ বৰাই সংখ্যালঘু সাধাৰণ ৰাইজৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপণ হৈছিল।
নিয়মীয়া বাৰ্তা, গৰৈমাৰী,১৬ ছেপ্টেম্বৰঃ