গুৱাহাটীত সন্দেহজনক পৰিস্থিতিত এগৰাকী নৱবিবাহিতা মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য আৰু আতংকৰ সৃষ্টি হৈছে। মৃত মহিলাগৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসাৰে, তেওঁক বিহ খুৱাই হত্যা কৰা হৈছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। এই গুৰুতৰ অভিযোগৰ পিছতে মহিলাগৰাকীৰ স্বামীক গুৱাহাটী মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
মৃত মহিলাগৰাকীৰ নাম শ্ৰুতি ৰাই বুলি চিনাক্ত কৰা হৈছে। তেওঁ মাৰৱাৰী মেটাৰনিটী হাস্পতালৰ ICU-ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে।
মৃত্যুৰ চিকিৎসাজনিত কাৰণ অনুসন্ধান কৰি থকা অৱস্থাতেই মৃতকৰ পৰিয়ালৰ সদস্যসকলে তেওঁৰ স্বামী ৰূপক সেনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁলোকৰ অভিযোগ অনুসাৰে, ৰূপক সেনে জোৰ কৰি শ্ৰুতি ৰাইক বিহ খুৱাইছিল।
এই অভিযোগৰ ভিত্তিত ওদালবাক্ৰা আৰক্ষীয়ে ৰূপক সেনক জিম্মাত লৈ সোধা-পোছা আৰু অধিক তদন্ত আৰম্ভ কৰিছে। জানিব পৰা মতে, প্ৰেম সম্পৰ্কত আবদ্ধ থকা শ্ৰুতি আৰু ৰূপকে এই বছৰৰ ২৮ জানুৱাৰীত বিবাহ বন্ধনত আবদ্ধ হৈছিল।
ইফালে, বিহ প্ৰয়োগৰ অভিযোগ সম্পূৰ্ণভাৱে অস্বীকাৰ কৰি ৰূপক সেনে কয় যে শ্ৰুতি বহুদিন ধৰি অসুস্থ হৈ আছিল আৰু চিকিৎসাৰ বাবে তেওঁক মাৰৱাৰী মেটাৰনিটী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল, য’ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
উল্লেখযোগ্য যে এইটো ৰূপক সেনৰ দ্বিতীয় বিবাহ আছিল। শ্ৰুতিৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ পূৰ্বে তেওঁ প্ৰথমা পত্নীৰ সৈতে বিবাহ বিচ্ছেদ কৰিছিল।
বৰ্তমানে ওদালবাক্ৰা আৰক্ষীয়ে মৃত্যুৰ সঠিক কাৰণ জানিবলৈ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহালৈ অপেক্ষা কৰি আছে।
ডিজিটেল ডেস্ক, ২৭ এপ্ৰিল