নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যসজনক মৃত্যুক লৈ এজনক আটক

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যুক লৈ তদন্তৰত আৰক্ষীয়ে আটক কৰিছে জুলফিকৰ আলী নামৰ এজন লোকক। জুলফিকৰ আলীয়ে পাব লগা ধন বিচাৰি পূৰ্বজ্যোতি চুতীয়াক ভাবুকি দি কেইবাবাৰো এছ এম এছ প্ৰদান কৰিছিল মোবাইলযোগে।

আৰক্ষীয়ে এছ এম এছ পৰীক্ষাৰ অন্তত জুলফিকৰ আলীক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে। উল্লেখ্যে, নিয়মীয়া বাৰ্তাৰ সহযোগী সম্পাদক ৰূপে কৰ্মৰত পূৰ্বজ্য়োতি চুতীয়াৰ মৃতদেহ আজি বাসগৃহৰ নিচেই ওচৰৰ নৰ্দমাত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছিল।

You might also like