নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰমবীৰ চক্র প্রাপকৰ নামত আন্দামানৰ দ্বীপ

নিয়মীয়া বাৰ্তা, ২৩জানুৱাৰী: আজি নেতাজী সুভাষ চন্দ্র বসুৰ জন্মদিন তথা পৰাক্রম দিৱস উপলক্ষে আন্দামান–নিকোবৰ দ্বীপপুঞ্জৰ ২১টা বৃহৎ দ্বীপৰ নামকৰণ কৰা হ’ব দেশৰ পৰমবীৰ চক্র প্রাপক বীৰ সৈনিকসকলৰ নামেৰে৷ ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এই নামকৰণ পর্ব সম্পন্ন কৰিব৷ প্রধানমন্ত্রীৰ কার্যালয়ৰ তৰফৰ পৰা এক বিবৃতিযোগে এই কথা সদৰী কৰাৰ উপৰি নেতাজীৰ নামত এক দ্বীপ উৎসর্গা কৰাৰ উপৰি এটা ৰাষ্ট্রীয় স্মাৰক মেডেলো উন্মোচন কৰিব প্রধানমন্ত্রী মোদীয়ে৷

উল্লেখনীয় যে আন্দামান–নিকোবৰ দ্বীপপুঞ্জৰ ঐতিহাসিক গুৰুত্বক নজৰত ৰাখি তথা নেতাজীৰ প্রতি সন্মান জনাই ২০১৮ চনত দ্বীপপুঞ্জ ভ্রমণৰ সময়ত প্রধানমন্ত্রী মোদীয়ে তাৰ ৰছ দ্বীপৰ নাম নেতাজী সুভাষ চন্দ্র বসু দ্বীপ ৰাখিছিল৷ পৰৱর্তী সময়ত আন্দামানৰ নীল দ্বীপ আৰু হেভলক দ্বীপৰ নাম শ্বহীদ তথা স্বৰাজ দ্বীপলৈ সলনি কৰা হৈছিল৷ দেশৰ সমস্ত পৰমবীৰ চক্র বিজেতাসকলৰ নামত দ্বীপবোৰৰ নামকৰণ কৰাৰ পূর্বে বীৰ জোৱানসকলৰ নামৰ তালিকাও প্রকাশ কৰিছে প্রধানমন্ত্রীৰ কার্যালয়ে৷

You might also like