নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাটশিঙিমাৰীত শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান, ৪জনক উদ্ধাৰ

জিলা প্ৰশাসনৰ উদ্যোগত শিশু শ্ৰমিকৰ বিৰুদ্ধে চলোৱা অভিযান-ত ৪জনকৈ শিশু শ্ৰমিক উদ্ধাৰ কৰা হয়।

উল্লেখ্য যে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন ঠাইত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাৰ নিৰ্দেশমৰ্মে  শিশু শ্ৰমিকৰ বিৰুদ্ধে ‘কাৰ ৱাস চেন্টা’ৰ লগতে বিভিন্ন দোকানত অভিযান চলায়। অভিযানত ৪জনকৈ শিশু শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উদ্ধাৰ কৰা শিশু শ্ৰমিকসকলে কাম কৰা দোকানীসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিব দিয়ে জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই। বৰ্তমানলৈকে জিলাখনত মুঠ ৭৮গৰাকীকৈ শিশু শ্ৰমিকক উদ্ধাৰ কৰা হয়।

নিয়মীয়া বাৰ্তা ডেস্ক, ১০ অক্টোবৰ

You might also like