নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰজিআয়ে এতিয়াও প্রকাশ কৰা নাই এনআৰচিৰ চূড়ান্ত তালিকা

নিয়মীয়া বাৰ্তা ২০ জুলাইঃ উচ্চতম ন্যায়ালয়ৰ ২০১৯ৰ ১৩ আগষ্টৰ আদেশমর্মে সেইবছৰৰ ৩১ আগষ্টত ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এনআৰচি)ৰ পৰিপূৰক তালিকা প্রকাশ কৰা হৈছে৷ কিন্তু নাগৰিকত্ব আইনৰ ২০০৩ চনৰ বিধিৰ অনুসূচীৰ ৭নং দফা মর্মে দেশৰ মহাপঞ্জীয়ক (আৰজিআই)ৰ দ্বাৰা ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা এতিয়াও প্রকাশ কৰা হোৱা নাই৷

সোমবাৰে সদনত বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ এক লিখিত প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সেই কথা প্রকাশ কৰে৷ সদনত তেওঁ আৰু কয় যে সম্প্রতি জিলা পর্যায়ত স্পীকিং অর্ডাৰসমূহৰ স্কেনিঙৰ কাম প্রায় ৯৯.৬ শতাংশ, স্পীকিং অর্ডাৰৰ কোৱালিটী চেকিঙৰ কাম ৮৬.১৭ শতাংশ আৰু হিয়েৰিং টেম্পপ্লেট স্কেনিঙৰ কাম ৮৪.৭৯ শতাংশ সম্পূর্ণ হৈছে৷

এনআৰচিৰ ৰাাজ্যিক সমন্বয়কে উচ্চতম ন্যায়ালয়ৰ নির্দেশমর্মে ৰাষ্ট্রীয় নাগৰিকত্বৰ উন্নীতকৰণৰ কাম কৰি আছে৷ সেইদৰে ৰাজ্য চৰকাৰৰ ফালৰ পৰা শপতনামাযোগে সীমান্তৱর্তী জিলাৰ ২০ শতাংশ আৰু আন জিলাত ১০ শতাংশ পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ক আবেদন কৰা হৈছে৷ যিহেতু পূর্বৰ সমন্বয়কে ২৭ শতাংশ পুনৰীক্ষণ হোৱা বুলি উচ্চতম ন্যায়ালয়ক জনাইছে, সেয়েহে বিষয়টো উচ্চতম ন্যায়ালয়ে বিবেচনা নকৰিলে৷ অসমত এনআৰচি প্রস্তুতৰ নামত এতিয়ালৈকে ১,৫২৭.৯০ কোটি টকা ব্যয় হৈছে বুলি সদনত মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে৷

You might also like