নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ চৰকাৰী-প্ৰাদেশিকীকৃত বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ

আজিৰ ভিতৰতে কোনো ব্যৰ্থতা নোহোৱাকৈ ‘পৰীক্ষা পে চৰ্চা’ৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে

বৰ্তমানে চলি থকা শীতপ্ৰবাহৰ পৰিপ্ৰেক্ষিতত তথা শিক্ষাৰ্থীসকলৰ স্বাস্থ্য তথা সুৰক্ষাৰ স্বাৰ্থত জিলাখনৰ চৰকাৰী আৰু প্ৰাদেশিকীকৃত এলপি/উইপি/এমই/এমভি/উচ্চ/উচ্চতৰ/চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়সমূহ অহাকালিৰ পৰা ১০ জানুৱাৰীলৈকে বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে।

অৱশ্যে পৰীক্ষা চলি থকা শিক্ষানুষ্ঠানবোৰৰ ক্ষেত্ৰত উক্ত আদেশ প্ৰযোজ্য নহব। আজি ISD/PCA/E-6/Misc/2026/24 নম্বৰৰ এক আদেশ যোগে এই নিৰ্দেশ জাৰী কৰিছে ধুবুৰী জিলাৰ বিদ্যালয় পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া অদিত কুমাৰ শৰ্মাই।

আদেশনামাখনত ধুবুৰী জিলাৰ অন্তৰ্গত সকলো ব্যক্তিগত বিদ্যালয়কো শিক্ষাৰ্থীসকলৰ সুৰক্ষাৰ স্বাৰ্থত এই আদেশৰ সৈতে সংগতি ৰাখি একে ধৰণৰ জাননী জাৰি কৰিবলৈ পৰামৰ্শ দিয়াৰ সমান্তৰালকৈ সকলো বিদ্যালয়ক আজিৰ ভিতৰতে কোনো ব্যৰ্থতা নোহোৱাকৈ ‘পৰীক্ষা পে চৰ্চা’ৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ৬ জানুৱাৰী

লগতে এইটোও পঢ়ক — মাৰ্ঘেৰিটা-ত নিৰ্বাচনী কুচকাৱাজ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ

You might also like