নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিমলীতোলা চাহ বাগিচাত শতাধিক শ্ৰমিক-মজদুৰৰ উত্তাল প্ৰতিবাদ

শতাধিক চাহ শ্ৰমিক-মজদুৰৰ প্ৰতিবাদত কঁপি উঠিল গোৱালপাৰাৰ শিমলীতোলা চাহ বাগিচা। মালিক পক্ষৰ বিৰুদ্ধে শোষণ-বঞ্চনাৰ অভিযোগ তুলি সোমবাৰে পুৱাই বাগিচাখনৰ কাৰখানাৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰি পাছলৈ বাগিচাৰ ৰাজপথত প্ৰতিবাদী সমদলো উলিয়ায় |উল্লেখ্য যে বিগত প্ৰায় ডেৰ বছৰ ধৰি বন্ধ হৈ আছে বাগিচাৰ সকলো কাম-কাজ। ফলত ভীষণ আৰ্থিক অনাটনত ভুগিছে বাগিচাৰ শ্ৰমিকসকল | মালিকপক্ষই নিজ খেয়ালখুচি মতে কাম বন্ধ কৰি দিয়া আৰু শ্ৰমিক মজদুৰক প্ৰাপ্য ধনৰ পৰা বঞ্চিত কৰাৰ অভিযোগ |

চৰকাৰী পক্ষক বহু আবেদন-নিবেদন জনোৱাৰ উপৰি শ্ৰম বিভাগক অৱগত কৰিও কোনো সুফল নাপাই জাঙুৰ খাই উঠিছে বাগিচাৰ শ্ৰমিকসকল | সেয়ে বাগিচাত অতদিনে কৰ্ম কৰি পৰিয়াল ভৰণ-পোষণ দিয়া শ্ৰমিক-মজদুৰসকলক শীঘ্ৰে প্ৰাপ্য ধন আদায় দিয়াৰ দাবীত মালিক পক্ষক সকীয়াই বাগিচা কাৰখানাৰ সন্মুখত সমৱেত হৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বাগিচাখনৰ শ্ৰমিক-মজদুৰসকলে। লগতে ৰাজপথত এক প্ৰতিবাদী সমদলো উলিওৱা হয় | আনহাতে, শ্ৰমিকসকলৰ বকেয়া পাৰিশ্ৰমিক আগ ধৰি আদায় নিয়া পৰ্যন্ত মালিক পক্ষৰ বাগিচাত প্ৰৱেশ নিষিদ্ধ আৰু প্ৰয়োজনত আগলৈ ৰাজপথত প্ৰতিবাদ কৰাৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰী শ্ৰমিক-মজদুৰসকলে।

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১৬ ফেব্ৰুৱাৰী :

You might also like