নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত ৰাহুল গান্ধী-কংগ্ৰেছৰ সাংসদ ধীৰাজ চাহুৰ পুত্তলিকা দাহ বিজেপিৰ

🔹 কংগ্ৰেছৰ ঝাৰখণ্ডৰ সাংসদ ধীৰাজ চাহুৰ গৃহত ৩০০ কোটি টকা জব্দ

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰ : কংগ্ৰেছ দলৰ ঝাৰখণ্ডৰ ৰাজ্যসভাৰ সাংসদ ধীৰাজ চাহুৰ গৃহত ৩০০ কোটি টকা জব্দ হোৱা ঘটনাক লৈ আজি ধুবুৰীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিজেপিয়ে। কংগ্ৰেছ সাধাৰণ ৰাইজৰ ধন আত্মসাৎ কৰা দল বুলি অভিহিত কৰি কংগ্ৰেছৰে মিত্ৰতা কৰা INDI মিত্ৰজোঁটৰ অন্যান্য দলবোৰো দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰত লিপ্ত থকাৰ অভিযোগেৰে ধুবুৰী জিলা বিজেপিৰ উদ্যোগত অনুষ্ঠিত হয় আজিৰ সেই প্ৰতিবাদ। সেই কাৰ্য্যসূচীৰ অংশৰূপে প্ৰথমে বিজেপিৰ ধুবুৰীৰ তেতুলতলাস্থ জিলা কাৰ্য্যালয়ৰ পৰা এক বিশাল প্ৰতিবাদী সমদল উলিয়ায় দলটোৱে। সমদলটোত কংগ্ৰেছ মুৰ্দাবাদ, ৰাহুল গান্ধী হায় হায় আদি বিভিন্ন শ্লোগানেৰে ধুবুৰীৰ ৰাজপথ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে। অন্তত চহৰখনৰ ধানপট্টী অঞ্চলত উপস্থিত হোৱাৰ পিছত প্ৰতিবাদকাৰীয়ে ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলৰ সাংসদ ধীৰাজ শাহুৰ পুত্তলিকা দাহ কৰি বিজেপিৰ আজিৰ সেই প্ৰতিবাদ কাৰ্যসূচীৰ অন্ত পেলায়। আজিৰ এই কাৰ্যসূচীত ধুবুৰী জিলা বিজেপিৰ সভাপতি প্ৰসেনজিৎ দত্ত, দলটোৰ জ্যেষ্ঠ নেতা ডাঃ দেৱময় সান্ন্যাল, দীপক কুমাৰ সাহাকে ধৰি জিলা বিজেপি আৰু ভাৰতীয় জনতা যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকল উপস্থিত আছিল।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like