নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম মেডিকেল কলেজ ডিব্ৰুগড়ত অক্সিজেন উৎপাদন পৰীক্ষাগাৰ উদ্বোধন

বিশেষ বাৰ্তা, ২৬ মেঃ ৰাজ্যৰ চিকিৎসা জগতৰ বাবে এক অত্যন্ত ভাল খবৰ। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত অমৃতসৰৰ পাছতে আজি আনুষ্ঠানিকভাৱে উদ্ধোধন কৰা হয় সমগ্ৰ দেশৰ ভিতৰতে দ্বিতীয়টো অক্সিজেন জেনেৰেচ’নৰ পৰীক্ষাগাৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটি বিশেষ সন্থা United States agency international development চমুকৈ USAID উদ্যোগত আৰু অন্য দুটা বিশেষ সন্থা সহযোগত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত আজি স্থাপন কৰা হয় এই পৰীক্ষাগাৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে। উল্লেখ্য যে দেশৰ ভিতৰতে দ্বিতীয়টো অক্সিজেন উৎপাদনৰ এই পৰীক্ষাগাৰত কৰা হব ভিন্ন সূক্ষ্ম বিশ্লেষণ তথা অক্সিজেন উৎপাদনৰ নিৰীক্ষণ।আজি উদ্বোধন কৰা এই পৰীক্ষাগাৰটোত দেশ তথা বিদেশৰ বিভিন্ন স্থানৰ ছাত্ৰ ছাত্ৰী, গৱেষক, শিক্ষাৰ্থীসকলক অক্সিজেন উৎপাদনেৰে বিভিন্ন দিশ আৰু কৌশলৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হব বুলি অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাক্তৰ সঞ্জীৱ কুমাৰ কাকতিয়ে নিজৰ ভাষণত উল্লেখ কৰে। এই পৰীক্ষাগাৰত বিভিন্ন পৰ্য্যায়ত অক্সিজেন গঠন, সৃষ্টি, উৎপাদন প্ৰণালী দিশৰ ওপৰত বিশেষ ভাৱে পৰ্যবেক্ষণ কৰা হব বুলিও তেখেতে ব্যক্ত কৰে। আজি জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে আনুষ্ঠানিকভাৱে এই লেবৰ শুভ উদ্বোধন কৰি ইয়াৰ দ্বাৰা অসম চিকিৎসা মহাবিদ্যালয় খনৰ লগতে ওচৰ চুবুৰীয়া ৰাজ্য কেইখনৰ লগতে আন্তৰাষ্ট্ৰীয় পয্যায়টো নিজৰ সুবিধা প্ৰদান কৰিবলৈ সক্ষম হব বুলি উদ্বোধনী ভাষণত প্ৰকাশ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ উক্তি সংস্থাটোক এনেধৰণৰ মূল্যবান আৰু গুৰুতত্বপূৰ্ন কৰ্ম বাবে অসম চিকৎসা মহাবিদ্যালয়ক বাছনি কৰা বাবে কৰ্তৃপক্ষক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। আজি উদ্বোধনী অনুষ্ঠানটোত অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াকে প্ৰমুক্ষে কৰি শিক্ষানুষ্ঠানখনৰ অধ্যাপক অধ্যাপিকা,ছাত্ৰ ছাত্ৰী, নিমন্ত্ৰিত অতিথিৰ উপৰি কৰ্মচাৰী সকল উপস্থিত থাকে।

প্ৰেৰক বিভাস দুৱৰা

You might also like