নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছমৰীয়াত জোনমণি ৰাভাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন ৰংমন সাংস্কৃতিক গোষ্ঠীৰ

নিয়মীয়া বাৰ্তা, ২৬ মেঃ প্ৰয়াত আৰক্ষী উপ-পৰিদৰ্শক জোনমনি ৰাভাৰ আদ্যশ্ৰাদ্ধৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপৰ বকোৰ ছমৰীয়া সত্ৰৰ সামাজিক সাংস্কৃতিক সংগঠন ৰংমন সাংস্কৃতিক সন্ধিয়াৰ উদ্যোগত ছমৰীয়া বাছ আস্থানত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানটোত ৰংমন গোষ্ঠীৰ সমূহ সদস্যৰ লগতে স্থানীয় বহুকেইজন বিশিষ্ট ব্যক্তি তথা যুৱক উপস্থিত আছিল। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত ছমৰীয়া আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জুলি দাসে প্ৰথমে আৰক্ষী বিষয়াগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি দি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছতে উপস্থিত সকলোৱে আৰক্ষী বিষয়া জোনমনি ৰাভাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি দি শ্ৰদ্ধা জ্ঞাপন কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত উদযাপন সমিতিৰ সাংস্কৃতিক সম্পাদক কৰ্ণভূষণ মহন্তই আত ধৰি প্ৰয়াত জোনমনি ৰাভাৰ মৃত্যু সন্দেহজনক বুলি কৈ এগৰাকী সাহসী আৰক্ষী বিষয়াৰ অস্বাভাৱিক মৃত্যু অতিকৈ মৰ্মান্তিক বুলি কয় লগতে জোনমনি ৰাভাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে এক মিনিট সময় সকলোকে মৌন প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনায়। লগতে ছমৰীয়া আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জুলি দাসে প্ৰথমে জোনমনি ৰাভাক গভীৰ সমবেদনা আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু কয় যে আমি মানুহক জীয়াই থাকোতে সন্মান দিবলৈ নাজানিলে মৃত্যুৰ পিছত দি কাম নাই। জোনমনি বাইদেউৰ অকাল মৃত্যু অসম আৰক্ষীৰ বাবে এটা বৃহৎ ক্ষতি। জোনমনি বাইদেউৰ মৃত্যু সম্পৰ্কে মই সঠিকভাৱে জ্ঞাত নহয়। বাইদেউৰ মৃত্যুৰ সঠিক তথ্য প্ৰকৃত তদন্তত ওলাই পৰিব।জোনমনি বাইদেউৰ দৰে আৰু দ্বিতীয়জন কাৰো এনেকোৱা নহওক।আমি সকলোৱে মানুহ হিচাপে জীয়াই থাকিব লাগিব আৰু সাৱধান হৈ চলিব লাগিব।

প্ৰেৰক প্ৰীতম বায়ন

You might also like