নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত আৰক্ষী প্ৰশাসনৰ উদ্যোগত ঘৰে ঘৰে ত্ৰিৰংগা সজাগতা সমদল

বিশেষ বাৰ্তা, ৯ আগষ্টঃ দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষ্যে আয়োজিত স্বাধীনতাৰ অমৃত মহোৎসৱৰ পৰিপ্ৰেক্ষিতত দেশজুৰি আৰম্ভ হোৱা ‘ঘৰে ঘৰে জাতীয় পতাকা’ শীৰ্ষক কাৰ্য্যসূচীক সফল কৰি তুলিবলৈ সৰ্বত্ৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। আজি মৰিয়নিৰ আৰক্ষী প্ৰশাসন আৰু গাঁওৰক্ষী বাহিনীৰ উদ্যোগত ঘৰে ঘৰে জাতীয় পতাকা উত্তোলন কৰাৰ সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে এক বিশেষ সজাগতা সমদল উলিওৱা হয়। মৰিয়নি আৰক্ষী থানাৰ পৰা আৰম্ভ হোৱা এই সজাগতা সমদলত মৰিয়নিৰ আৰক্ষী বিষয়াসকলৰ লগতে বিভিন্ন ঠাইৰ গাঁওৰক্ষী বাহিনী আৰু মহিলাসকলে অংশগ্ৰহণ কৰে। মৰিয়নি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ত্ৰিলোচন নাথ, মৰিয়নি আৰক্ষী চক্ৰৰ চক্ৰ পৰিদৰ্শক দণ্ডীৰাম বৰা, উপ- পৰিদৰ্শক নন্দিনী কোঁ‌চ প্ৰমুখ্যে আৰক্ষী বিষয়াসকলে এই সজাগতা সমদলত অংশগ্ৰহন কৰি স্বাধীনতা দিৱস উপলক্ষ্যে ঘৰে ঘৰে জাতীয় পতাকা উত্তোলন কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে তিনিদিনীয়াকৈ সকলো বাসগৃহ, চৰকাৰী-বেচৰকাৰী কাৰ্য্যালয়, সংঘ-ক্লাৱ, ধৰ্মীয়নুষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান সকলোতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবৰ বাবে ৰাইজৰ প্ৰতি মৰিয়নি আৰক্ষী প্ৰশাসনে আহ্বান জনায়। সমদলকাৰীসকলে মৰিয়নি নগৰৰ মাজেৰে পৰিভ্ৰমণ কৰি পুনৰ আৰক্ষী থানাত সামৰণি মাৰে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like