নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩০০ কোটি টকাত কাগজ কল ক্রয় কৰাৰ প্রস্তাৱ অসম চৰকাৰৰ

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ দীর্ঘদিনীয়া প্রচেষ্টাৰ পাছতো পুনৰুজ্জীৱিত হৈ নুঠা নগাঁও কাগজ কলৰ সম্পত্তি এইবাৰ ক্রয় কৰাৰ প্রস্তাৱ দাঙি ধৰিছে অসম চৰকাৰে৷ হিন্দুস্তান পেপাৰ কর্প’ৰেচন, চমুকৈ এইচ পি চিৰ ওচৰত দাঙি ধৰা এই প্রস্তাৱ অনুসৰি কাগজ কলটোৰ অৱশিষ্ট সম্পত্তি ৩০০ কোটি টকাত ক্রয়ৰ বাবে ৰাজ্য চৰকাৰে ইচ্ছা প্রকাশ কৰিছে৷

দিছপুৰৰ এক সূত্রই প্রকাশ কৰা অনুসৰি, নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কল দুটা শেহতীয়াকৈ দেউলীয়া ঘোষণা কৰাৰ পাছত ইয়াৰ সম্পত্তিসমূহ যাতে নষ্ট হৈ নাযায়, সেই দিশটোৰ প্রতি লক্ষ্য ৰাখিয়েই ভূমি আৰু পৰিত্যক্ত যন্ত্রপাতিসমূহ ক্রয়ৰ এক প্রস্তাৱ এইচ পি চিৰ ওচৰত দাঙি ধৰা হৈছে৷

উল্লেখ্য যে অলপতে ৰাজ্য চৰকাৰে কাগজ কল দুটাৰ কর্মচাৰীসকলৰ বাবে ৫৭০ কোটি টকাৰ পেকেজ ঘোষণা কৰিছে৷ মুখ্যতঃ কাগজ কলৰ কর্মচাৰীসকলৰ বাবে ঘোষণা কৰা এই আর্থিক সাহায্যৰ জৰিয়তে প্রতিজন কর্মচাৰীক আর্থিকভাৱে সকাহ দিয়াৰ লগতে চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰো ঘোষণা কৰা হৈছিল৷ নেচনেল কোম্পানী ল টিবুনেল (এন চি এল টি)ৰ অনুমোদনক্রমে ৰাজ্য চৰকাৰে কর্মচাৰীসকলৰ সৈতে কৰা আর্থিক সাহায্যৰ এই চুক্তিৰ বিপৰীতে কাগজ কল দুটাৰ কর্মচাৰীসকলে কোনোধৰণৰ আইনী যুঁজত যাব নোৱাৰিব৷ উক্ত চুক্তিৰ পাছতেই আর্থিক সাহায্যৰ কাম আৰম্ভ হোৱাৰ সমান্তৰালকৈ ৰাজ্য চৰকাৰে কাগজ কল দুটাৰ ভূমিকে ধৰি ইয়াৰ সম্পত্তিসমূহ ক্রয় কৰাৰ এক পৰিকল্পনা যুগুতাই উলিয়াইছে৷ ইয়াৰ বাবে অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেড (এ আই ডি চি)ক ন’ডেল এজেন্সী হিচাপে নিযুক্তি দিয়া হৈছে৷

মন কৰিবলগীয়া যে যোৱা জুন মাহত এন চি এল টিয়ে কাগজ কল দুটা দেউলীয়া ঘোষণা কৰি কল দুটা নিলাম কৰাৰ ঘোষণা কৰিছিল৷ অৱশ্যে এই নিলামলৈ সঁহাৰি নিদিলে কোনো এটা প্রতিষ্ঠানে৷ এনে অৱস্থাত পৰি ৰোৱা কাগজ কল দুটা ক্রয়ৰ জৰিয়তে ৰাজ্য চৰকাৰে উক্ত স্থানত নতুন ঔদ্যোগিক ক্ষেত্র স্থাপনৰ বাবে কৰা চিন্তা–চর্চাই এক ইতিবাচক পৰিৱেশ গঢ়ি তুলিছে৷

সূত্রটোৱে প্রকাশ কৰা অনুসৰি এইক্ষেত্রত এতিয়াও কোনো চূড়ান্ত সিদ্ধান্তলৈ অহা নাই৷ সমগ্র দিশ চালি–জাৰি চোৱাৰ লগতে এইচ পি চিৰ সৈতে চূড়ান্ত আলোচনা বাকী আছে৷ স্মর্তব্য যে কাছাৰ কাগজ কল ২০১৫ বর্ষৰ অক্টোবৰ মাহতে বন্ধ হোৱাৰ বিপৰীতে ২০১৭ চনত বন্ধ হৈছিল নগাঁও কাগজ কল৷ এনেদৰে বন্ধ হৈ পৰা কাগজ কলটোৰ লগতে কর্মচাৰীসকলে ব্যৱহাৰ কৰা বিদ্যুতৰ মাচুল হৈছিলগৈ ২০০ কোটি টকা৷ শেহতীয়াকৈ চৰকাৰে এই বিদ্যুৎ মাচুল ৰেহাই দিছে৷

You might also like