নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰ জিকা ভাইৰাছৰ আতংক

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ ৰাজ্যত ক’ভিডৰ সংক্রমণ কিছু হ্রাস পালেও ইয়াৰ ভয়াৱহতা এতিয়াও মাৰ যোৱা নাই৷ এই ভয়াৱহতা শেষ নৌহওঁতেই এইবাৰ জিকা ভাইৰাছৰ আতংক ঘনীভূত হৈছে৷ ইতিমধ্যে দেশৰ কেইবাখনো ৰাজ্যত জিকা ভাইৰাছে সংহাৰী ৰূপ ধৰাৰ লগতে বহু লোকৰো মৃত্যু ঘটিছে৷ এই ভাইৰাছৰ মূল লক্ষণ হ’ল প্রচণ্ড জ্বৰ, গাৰ বিষ আৰু চকু ৰঙা হৈ পৰা৷ আনকি জিকা ভাইৰাছত আক্রান্ত লোকৰ মগজুও ক্ষতি কৰাৰ সম্ভাৱনা থাকে৷ সমান্তৰালভাৱে গর্ভৱতী মাতৃৰ গর্ভস্থ সন্তানৰ ওপৰতো প্রভাৱ পেলাব পাৰে এই ভাইৰাছে৷ এনে আতংকই ইতিমধ্যে উত্তৰ প্রদেশত ভয়াৱহতাৰ সৃষ্টি কৰিছে৷ ৰাজ্যখনত ১৩৪গৰাকী আৰু কেৰালাত ৬৫গৰাকী লোক জিকা ভাইৰাছত আক্রান্ত হৈছে৷ সংক্রমিত এই ভাইৰাছক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ৷

প্রতিখন জিলালৈ বিশেষ জাননী প্রদান কৰি সতর্কতামূলক ব্যৱস্থা গ্রহণৰ নির্দেশ দিছে স্বাস্থ্য বিভাগে৷ ইতিমধ্যে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই ঘোষণা কৰিছে যে জিকা ভাইৰাছৰ সংক্রমণ ৰাজ্যত এতিয়াও দেখা পোৱা হোৱা নাই৷ কিন্তু আগতীয়াকৈ বিভাগে সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিছে৷ প্রতিখন চৰকাৰী চিকিৎসালয়ত এনে লক্ষণৰ ৰোগীক তৎকালে পৰীক্ষা কৰাৰ নির্দেশ দিয়া হৈছে৷

ইফালে স্বাস্থ্য বিভাগে প্রতিখন জিলালৈ জিকা ভাইৰাছ সন্দর্ভত গাইড লাইন প্রেৰণ কৰিছে৷ মুখ্যতঃ বাহিৰৰ পৰা অহা কোনো লোকৰ শৰীৰত যদি এসপ্তাহ ধৰি জ্বৰ, গাৰ বিষ আদি লক্ষণ দেখা দিছে, তেন্তে তেওঁক সন্দেহযুক্ত জিকা ভাইৰাছত আক্রান্ত হোৱা বুলি তৎকালে পৰীক্ষা কৰিবলৈ দিয়া হৈছে৷ লক্ষণীয়ভাৱে জিকা ভাইৰাছৰ এনে আতংকৰ মাজতে ৰাজ্যত জাপানীজ এনকেফেলাইটিছ আৰু ডেংগু ৰোগত আক্রান্ত হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাবলৈ লৈছে৷ নৱেম্বৰ মাহত জাপানীজ এনকেফেলাইটিছৰ লোক বিশেষভাৱে আক্রান্ত নহয় যদিও চলিত মাহটোত এই ৰোগত ৫জন লোক আক্রান্ত হৈছে৷

আনহাতে, যোৱা ছেপ্ঢেম্বৰ মাহত ১১জন আৰু অক্টোবৰত এজন লোক আক্রান্ত হৈছে৷ বর্তমানলৈ ৰাজ্যত চলিত বর্ষত ২১৮জন লোক জাপানীজ এনকেফেলাইটিছত আক্রান্ত হৈছে৷ ইয়াৰে ৪০জনৰ মৃত্যু ঘটিছে৷ আনহাতে, ডেংগুত বর্তমানলৈ ৭৫জন লোক আক্রান্ত হৈছে৷ ইয়াৰে ২৭জন লোক গুৱাহাটী মহানগৰীৰ৷ মেলেৰিয়াতো ১৩৯জন লোক আক্রান্ত হৈছে আৰু দুজন লোকৰ মৃত্যু ঘটিছে৷ স্বাস্থ্য বিভাগে প্রকাশ কৰা এই তথ্যই স্বাভাৱিকতে ক’ভিডৰ সমান্তৰালকৈ জাপানীজ এনকেফেলাইটিছ আৰু ডেংগু ৰোগক লৈও সাধাৰণ ৰাইজক চিন্তিত কৰি তুলিছে৷

You might also like