নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিশুৰ শৰীৰ স্পর্শ নকৰিলেও গণ্য হ’ব যৌন নির্যাতন ৰূপে

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ পছক’ৰ অধীনত যৌন নির্যাতনৰ অপৰাধৰ কাৰণে শাৰীৰিক সম্পর্ক তথা শৰীৰ স্পর্শৰ আৱশ্যকতা নাই৷ বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে বোম্বে উচ্চ ন্যায়ালয়ৰ ৰায়ক খাৰিজ কৰি এই গুৰুত্বপূর্ণ ৰায় দিছে৷

উল্লেখ্য যে বোম্বে উচ্চ ন্যায়ালয়ে পছক’ আইনৰ অধীনত যৌন নির্যাতনৰ অপৰাধৰ কাৰণে শাৰীৰিক সম্পর্কৰ আৱশ্যক আছে বুলি ৰায় দিছিল৷ সেই ৰায়ক আজি খাৰিজ কৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ইউ ইউ ললিত, এছ ৰবীন্দ্র ভাট আৰু বেলা ত্রিবেদীৰ বিচাৰপীঠে যৌন নির্যাতনৰ অপৰাধৰ কাৰণে শাৰীৰিক সম্পর্কৰ আৱশ্যকতা নাই বুলি ৰায় দিয়ে৷

বিচাৰপীঠে কয় যে শাৰীৰিক সম্পর্কৰ অর্থৰ প্রতিবন্ধকতাই ঠেক আৰু উদ্ভটক বুজায় আৰু যিয়ে আইনখনৰ উদ্দেশ্যক বিনাশ কৰে৷ আইনখন যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষাৰ বাবেই বলৱৎ কৰা হৈছে৷

মন কৰিবলগীয়া যে বোম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠে যোৱা ১২ জানুৱাৰীত পছক’ আইনৰ অধীনত যৌন নির্যাতনৰ অপৰাধৰ কাৰণে শাৰীৰিক সম্পর্কৰ আৱশ্যক আছিল বুলি দিয়া ৰায়ৰ প্রত্যাহ্বান জনাই কেন্দ্র, ৰাষ্ট্রীয় মহিলা আয়োগ আৰু মহাৰাষ্ট্র চৰকাৰে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল৷ এই আবেদনৰ শুনানি নিৰীক্ষণ কৰিয়ে উচ্চতম ন্যায়ালয়ে কালি বোম্বে উচ্চ ন্যায়ালয়ৰ ৰায়ক খাৰিজ কৰে৷ তদুপৰি উচ্চতম ন্যায়ালয়ে পছক’ৰ অধীনত যোৱা ২৭ জানুৱাৰীত গ্রেপ্তাৰ কৰা লোকক দোষমুক্ত কৰা ব্যক্তিৰ ৰায়কো স্থগিত ৰাখে৷

You might also like