নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গেৰুৱা বসন পিন্ধিলে পৰমানন্দ ৰাজবংশী আৰু ৰূপেশ গোৱালাই, ছিপাঝাৰ-ডুমডুমাৰ প্রার্থী হ’ব দুয়োগৰাকী

নিয়মীয়া বাৰ্তা, ৭ মার্চঃ প্রথম আৰু দ্বিতীয় পর্যায়ৰ নির্বাচনৰ বাবে বিজেপিৰ প্রার্থী তালিকা প্রকাশ কৰাৰ পাছতেই সঘনে সলনি হ’বলৈ লৈছে ৰাজনৈতিক পট৷ ১১জনকৈ মন্ত্রী-বিধায়কৰ প্রার্থিত্ব কর্তনে দলটোৰ ভিতৰচ’ৰাত প্রতিক্রিয়া সৃষ্টি কৰি থকাৰ সময়তে  দুটা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰাৰ লক্ষ্যৰে বিজেপিত যোগ দিলে অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশী আৰু অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক ৰূপেশ গোৱালাই৷

উল্লেখ্য যে কালি বিজেপিৰ ৰাষ্ট্রীয় নেতৃত্বই ৭০জনীয়া প্রার্থী তালিকা ঘোষণা কৰিলেও এই তালিকাৰ অন্তর্ভুক্ত হোৱা নাছিল প্রথম আৰু দ্বিতীয় পর্যায়ত নির্বাচন অনুষ্ঠিতব্য ডুমডুমা, ছিপাঝাৰ, হোজাই আৰু হাইলাকান্দি সমষ্টি চাৰিটা৷

কার্যতঃ এই চাৰিটা সমষ্টিৰ বিজেপিৰ দলীয় প্রার্থী কোন হ’ব, তাক লৈ সৃষ্টি হৈ থকা চর্চাৰ মাজতে  বিজেপিত যোগ দিলে ড০ পৰমানন্দ ৰাজবংশী আৰু ৰূপেশ গোৱালাই৷

লক্ষণীয় দিশটো হ’ল যে বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত ড০ পৰমানন্দ ৰাজবংশীয়ে কলাইগাঁও সমষ্টিত প্রতিদ্বন্দ্বিতাৰ লক্ষ্যৰে অগপত যোগ দিছিল৷ কিন্তু শেহতীয়াকৈ বিজেপিয়ে কলাইগাঁও সমষ্টি নিজৰ দখলত ৰাখি প্রার্থিত্ব ঘোষণা কৰাৰ পাছতেই ৰাজনৈতিক ক্ষেত্রখনত ভৰি দিব খোজা ড০ পৰমানন্দ ৰাজবংশীৰ নির্বাচনী অংকত আউল লাগে৷

এনে অৱস্থাত বিজেপিয়ে প্রার্থিত্ব ঘোষণা নকৰা ছিপাঝাৰ সমষ্টিক লৈ ব্যস্ত হৈ পৰে সাহিত্য সভাৰ প্রাক্তন সভাপতিজন৷ এই লক্ষ্যৰে তেওঁ কালি নিশা বিজেপিৰ সৈতে যোগাযোগ কৰাৰ পাছত  আনুষ্ঠানিকভাৱে যোগদানৰ বাবে উপস্থিত হয় হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কার্যালয়ত৷

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু ৰাজ্যসভাৰ সাংসদ তথা জ্যেষ্ঠ নেতা ভুবনেশ্বৰ কলিতাৰ উপস্থিতিত ড০ পৰমানন্দ ৰাজবংশীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিয়ে৷ বিজেপিত যোগদানৰ পূর্বে অগপৰ পৰা পদত্যাগ কৰা ড০ পৰমানন্দ ৰাজবংশী ছিপাঝাৰ সমষ্টিত বিজেপিৰ প্রার্থী হোৱাটো নিশ্চিত হৈছে৷

ইফালে যোগদান অনুষ্ঠানতে চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক ৰূপেশ গোৱালায়ো আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে৷ বিগত দীর্ঘসময় ধৰি চাহ মজদুৰ সংঘৰ জৰিয়তে কংগ্রেছৰ সৈতে সু–সম্পর্ক বজাই ৰখা ৰূপেশ গোৱালাৰ বিজেপি আগমন যথেষ্ট তাৎপর্য বুলি বিবেচিত হৈছে৷

বিজেপিয়ে চাহ জনগোষ্ঠীৰ নেতাজনক ডুমডুমাত কংগ্রেছৰ বিৰুদ্ধে প্রক্ষেপ কৰিছে৷ ড০ পৰমানন্দ ৰাজবংশী আৰু ৰূপেশ গোৱালাক ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে দলীয় বস্ত্র পৰিধানেৰে বিজেপিলৈ আদৰণি জনায়৷

You might also like