ডিজিটেল ডেস্ক, ৯ অক্টোবৰ : চাংসাৰিৰ মদনপুৰ টোলগেটত আজি পুৱা এক অঘটন সংঘটিত হয়। দাওদাওকৈ জ্বলি উঠে ৰাধাকৃষ্ণ নামৰ এখন আল্ট্ৰা বাছ। জুবিনৰ সমাধি ক্ষেত্ৰলৈ যাত্ৰী কঢ়িওৱা বাহনখন জ্বলি ছাৰখাৰ হয়।
জানিব পৰা মতে, মঙলদৈ ডাঁহীৰ পৰা সোণাপুৰলৈ বুলি ৬০ জনীয়া দল এটা আহিছিল বাছখনত। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ আৰু ন্যায়ৰ দাবীত আহিছিল দলটো। অৱশ্যে ৬০গৰাকী যাত্ৰীৰ কোনো লোক হতাহত হোৱা নাই । ভয়ানক অগ্নিকাণ্ডটোৰ পৰা কোনোমতে ৰক্ষা পৰে যাত্ৰীসকল । ভয়াৱহ ঘটনাটো সংঘটিত হয় দিনৰ ১০.৪৮ বজাত ।
উল্লেখ্য যে জুবিন গাৰ্গৰ সমাধিস্থলীত নাম পৰিৱেশন কৰিবলৈ দৰং জিলাৰ মঙলদৈৰ ডাঁহী নগৰৰ পৰা আহিছিল দলটো। এই ৬০গৰাকী মহিলাৰ ভিতৰত ৫গৰাকী শিশুও আছিল। কি কাৰণত এই ভয়াৱহ অগ্নিকাণ্ডটো সংঘটিত হ’ল, সেয়া এতিয়ালৈ জানিব পৰা হোৱা নাই।
প্ৰেৰক অনুভৱ কুমাৰ