নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাম্পিং গ্ৰউণ্ডত পৰিণত পাঠশালাৰ বিষণ্ণলা জান

🔹 দুটা দিনত বহু থলুৱা মাছৰ মৃত্যু : প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী

নিয়মীয়া বাৰ্তা,  ২৩ মাৰ্চ : যি সময়ত পৰিৱেশ প্ৰদূষণ এক গুৰুতৰ সমস্যাত পৰিণত হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষক এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰা মুক্ত কৰিবলৈ দেশবাসীক আহ্বান জনাইছে, সেই সময়তে পাঠশালাৰ বিষন্নলা জান প্ৰদূষণৰ কবলত পৰি দুটা দিনত প্ৰতিদিনে মূল্যবান থলুৱা মাছৰ মৃত্যু ঘটিছে৷ একাংশ স্থানীয় লোকে প্লাষ্টিক অবিৰতভাৱে নিষ্কাশন কৰি জানটো বিপৰ্যস্ত কৰাৰ ফলতে জলভাগৰ বহু মাছৰ মৃত্যু ঘটিছে দুটা দিনৰ ভিতৰত৷ উল্লেখ্য যে পাঠশালা পৌৰসভা কাৰ্যালয়ৰ পৰা মাত্ৰ ১৫০ মিটাৰ দূৰত্বত পাঠশালা নগৰৰ মাজেৰে বৈ যোৱা পাঠশালাৰ প্ৰাণৰূপে পৰিচিত এটা সৰু জান হৈছে বিষন্নলা জান৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে এই বিষন্নলা জানত স্থানীয় একাংশ লোকে দৈনিক বিভিন্ন জাবৰ-জোঁথৰ, আৱৰ্জনা তথা প্লাষ্টিক আদি পেলাই জানটো ডাম্পিং গ্ৰাউণ্ডলৈ ৰূপান্তৰ কৰিছে৷ আনহাতে, জানটোৰ বিভিন্ন অংশত বেদখল কৰি সংকুচিত কৰাৰো বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছে। এই জানটোৰ বিভিন্ন প্ৰজাতিৰ দুষ্প্ৰাপ্য থলুৱা মাছলৈ গভীৰ সংকট নামি আহিছে৷ বিভিন্ন সাহিত্য কৰ্ম সৃষ্টিৰ উৎস এই জানটি এসময়ত পাঠশালা নগৰৰ অন্যতম অলংকাৰ হিচাপে পৰিচিত আছিল যদিও সম্প্ৰতি পাঠশালা নগৰৰ একাংশ অজ্ঞানী, আধুনিকতাৰ মুখা পিন্ধা তথাকথিত ভদ্ৰলোকৰ আতিশয্যৰ কবলত পৰি এই জানটোৱে কদৰ্য ৰূপ ধাৰণ কৰিছে৷ জানটোৰ সৌন্দৰ্যবৰ্ধনৰ কথা বিভিন্ন সময়ত ৰাইজ তথা প্ৰশাসনৰ মাজতো আলোচিত হয় যদিও সেয়া কেতিয়াও হৈ নুঠিল৷ প্ৰতিদিনে জানটোক একপ্ৰকাৰ ডাষ্টবিনত পৰিণত কৰাৰ ফলস্বৰূপে দুটা দিনত জানটোত মৃত্যু হৈ ওপঙি উঠিছে কমনকাৰ্প, বৰালী, চেনাৰ, শাল আদিকে ধৰি বিভিন্ন প্ৰজাতিৰ থলুৱা মাছ৷ সম্প্ৰতি কদৰ্যময় হৈ পৰা জানটোত অক্সিজেনৰ অভাৱৰ ফলতেই এনদৰে থলুৱা মাছসমূহ মৃত্যুমুখত পৰিছে বুলি একাংশ সচেতন লোকে ব্যক্ত কৰিছে৷ অকল মাছৰ মৃত্যু হোৱাই নহয়, যিহেতু জানটোত পেলোৱা বেছিভাগ আৱৰ্জনা জৈৱ-বিঘ্নিত প্ৰকৃতিৰ, গতিকে সেই অঞ্চলৰ পৰা নিৰ্গত হোৱা দুৰ্গন্ধৰ বাহিৰেও ই জলভাগৰ চাৰিওফালৰ পৰিৱেশৰ প্ৰতি গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে৷

জানটোৰ পানী ইমানেই প্ৰদূষিত হৈছে যে অঞ্চলটোৰ গৰু-ম’হ, ছাগলী আদি ঘৰচীয়া জন্তুই তৃষ্ণা নিবাৰণৰ বাবে এই জানটোৰ পৰা পানী খোৱাৰ বাবে এই জন্তুসমূহলৈও হয়তো ভাবুকি কঢ়িয়াই আনিব পাৰে বিষন্নলাৰ পানীয়ে৷ আনহাতে, জানটোত বিগত দুটা দিনত মৃত্যু হোৱা মাছসমূহ পচি ইয়াৰ পৰা ৰোগ বিয়পি পৰাৰ আশংকা কৰিছে একাংশ লোকে। জানটোৰ পৰা পানী খোৱাৰ ফলত জীৱ-জন্তু আৰু চৰাই চিৰিকটিয়েও মৃত্যুবৰণ কৰিব বুলি আকংশা কৰি প্ৰকৃতিপ্ৰেমীসকল ক্ষুব্ধ হৈ পৰিছে৷ উল্লেখ্য যে কিছু বছৰ পূৰ্বেও অনুৰূপ ধৰণে জানটোত বহু মাছৰ মৃত্যু ঘটিছিল৷ এনে এক প্ৰেক্ষাপটতে প্ৰকৃতিপ্ৰেমী ৰাইজে পাঠশালা পৌৰসভা আৰু বজালী জিলা প্ৰশাসনক বিষয়টোত গুৰুত্ব আৰোপ কৰি তৎকালীন ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে৷ আনহাতে, শিক্ষা নগৰী হিচাপে পৰিচিত পাঠশালা নগৰৰ এই জানটোক এনেদৰে ডাম্পিং গ্ৰাউণ্ডত পৰিণত কৰা লোকসকলৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰি জানটোৰ লগতে ইয়াৰ জলচৰ প্ৰাণীসমূহক ৰক্ষা কৰিবলৈ সচেতন ৰাইজে প্ৰশাসনৰ ওচৰত সজোৰে দাবী তুলিছে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like