নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰ লোকসভা নিৰ্বাচনত আলহীক বিদায় দিব ধুবুৰীবাসীয়ে : অপূৰ্ব ভট্টাচাৰ্য

🔹 বিলাসীপাৰাত অগপৰ বিশাল নিৰ্বাচনী সভা

নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চ : লোকসভা নিৰ্বাচন সমাগত। এতিয়াৰে পৰা ধুবুৰী লোকসভা সমষ্টিত ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰক লৈ তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে। এনে সময়তে কালি আবেলি শাসকীয় মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী জাভেদ ইছলামে বিলাসীপাৰাত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। সভাৰ অন্তত তেওঁ কয়- ধুবুৰী লোকসভা সমষ্টিৰ ভোটাৰে এইবাৰ চৰকাৰৰ ফলীয়া হৈছে। বদৰুদ্দিন আজমলে সমষ্টিবাসীৰ বাবে একো কৰা নাই। যি কৰিছে সেয়া হোজাইতহে কৰিছে, ধুবুৰীত নহয়। তেনেদৰে কংগ্ৰেছে সুদূৰ নগাঁৱৰ পৰা আনি ধুবুৰীত প্ৰাৰ্থী দিছে। এ আই ইউ ডি এফ আৰু কংগ্ৰেছ দুয়োটা দলে সমষ্টিটোৰ বাহিৰৰ নেতাক প্ৰাৰ্থিত্ব দিছে। এই ক্ষেত্ৰত ভোটাৰ ৰাইজে এইবাৰ স্থানীয় প্ৰাৰ্থীক বিজয়ী কৰোৱাটো নিশ্চিত বুলি মত প্ৰকাশ কৰে।

ইফালে, অগপৰ কেন্দ্রীয় উপ-সভাপতি অপূৰ্ব ভট্টাচার্যই কয় যে মৌলানা বদৰুদ্দিন আজমলে নিজে প্ৰতিদিনাই টেবলেট খাই থাকে আৰু জৰা-ফুঁকাৰ ৰাজনীতি কৰি আহিছে। ধুবুৰী জিলাৰ গৰাখহনীয়া, স্বাস্থ্য, শিক্ষা আদি বিভিন্ন ধৰণৰ সমস্যা সমাধানৰ বাবে কোনোদিনে মাত মতা নাই। সেইবাবে সমষ্টিটোৰ ভোটাৰে এইবাৰ আলহীক বিদায় দি স্থানীয় প্ৰাৰ্থীক বিজয়ী কৰাব। ধুবুৰী সমষ্টি বাহিৰৰ প্ৰাৰ্থীৰে ভৰি পৰিছে। তেওঁ আৰু কয় যে ২৭ লাখ ভোটাৰৰ মাজৰ পৰা এজনো স্থানীয় প্ৰাৰ্থী দল দুটাই উলিয়াব নোৱাৰিলে। সেয়ে বাহিৰৰ পৰা প্ৰাৰ্থী আনিবলগীয়াত পৰিছে। নিজৰ সমষ্টি এৰি ধুবুৰীত অহা বাবেই দলটোৰ ধুবুৰী কাৰ্যালয় বন্ধ হৈ পৰা বুলি বিৰোধীক কটাক্ষ কৰে। তেওঁ শাসকীয় মিত্ৰজোঁট অগপৰ প্ৰাৰ্থী জাভেদ ইছলামৰ বিজয় নিশ্চিত বুলি দাবী কৰে। বিলাসীপাৰা বিজেপিৰ সভাপতি দেৱজিৎ বৰকলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত অসম চৰকাৰৰ বিপণন নিগমৰ অধ্যক্ষ ড০ অশোক কুমাৰ সিংহী, কে ই চিৰ পাৰিষদ সুদীৰ্ঘ ৰায়, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যৰ লগতে মিত্ৰজোঁটৰ কেইবাজনো নেতাই অংশগ্ৰহণ কৰে। কালিৰ নিৰ্বাচনী সভাত সহস্ৰাধিক ভোটাৰ ৰাইজ উপস্থিত থাকে।

প্ৰেৰক সমৰেশ শীল শৰ্মা

You might also like