নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট পাঠশালা নগৰ উন্নয়ন সমিতিৰ

নিয়মীয়া বাৰ্তা, ১৮আগষ্টঃ ইটোৰ পিছত সিটো ঘটনাৰে এতিয়া প্ৰায় উত্তপ্ত হৈ পৰিছে অসমৰ উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰ বজালী জিলা সদৰ পাঠশালাস্থিত ভট্টদেৱ বিশ্ববিদ্যালয়৷ বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক গৰাকীক মুখ্যমন্ত্ৰীৰ দুৰ্ণীতি নিবাৰক শাখাই ঠিকাদিৰৰ পৰা ধন দাবী কৰি হাতে লোতে ধৰাৰ পিছত এক প্ৰকাৰ জ্বলা জুইত ঘিউ ধলাৰ নিচিনা হৈ পৰিছে শিক্ষা নগৰীৰ অভিধা লাভ কৰা পাঠশালা৷ বজালী মহীবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ উন্নীত হোৱা শিক্ষানুষ্ঠানখনৰ ভিতৰচ’ৰাত গোপেনে সংঘঠিত হৈ থকা আৰ্থিক তথা বিভিন্ন খেলি মেলি যেন এতিয়া পোহৰৰৈ অহাৰ সম্ভাৱনাই দেখা দিছে৷ কালি পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত পাঠশালাৰ হৰিমন্দিৰ প্ৰাঙ্গণত অনুষ্ঠিত এক নাগৰিক সভাত শেষতীয়াভাবে ভট্টদেৱ বিশ্ববিদ্যালয়ত সংঘটিত দু্ৰ্নীতিৰ তথা বিভিন্ন খেতি মেলিৰ বিষয়ে ৰাজহুৱাভাৱে উদঙাই দি অঞ্চলটোৰ কেবাগৰাকীও জ্যেষ্ঠ তথা বিশিষ্ট নাগৰিকে বিশ্ববিদ্যালয়খনৰ কাৰ্যকলাপক সমলোচনা কৰাৰ পিছতে আজি পুনৰ উত্তপ্ত হৈ পৰে বিশ্ববিদ্যালয়ৰ প্ৰৱেশ দ্বাৰ৷ বিশ্বিবিদ্যালয়খনৰ বিভিন্ন খাম খেয়ালিক লৈ আজি পাঠশালা নগৰ উন্নয়ন সমিতিৰ উদ্যোগত আয়োজন কৰা হয় এক ধৰ্মঘট কাৰ্যসূচী৷ বিশ্ববিদ্যালয়ৰ প্ৰৱেশদাৰৰ নিচেই কাষতে ৰূপায়ন কৰা এই ধৰ্মঘট কাৰ্যসূচীত পাঠশালা নগৰ উন্নয়ন সমিতিৰ বিষয়ববীয়া অপুৰ্ব দেব চৌধুৰী, সমাজকৰ্মী মদন ৰয়, ফনী পাঠক, অৱসৰপ্ৰাপ্ত অধ্যাপক চক্ৰধৰ ডেকা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা বিজন বায়ন, কনক ৰয়, জিতুমনি ৰয়, ৰুবুল শৰ্মা, আদিকে ধৰি প্ৰায় অৰ্ধশতিক লোকে ৰাইজৰ সহযোগত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ উল্লেখ্য যে পাঠশালাৰ ৰাইজৰ দাবীৰ প্ৰতি সহাৰি জনাই অসম চৰকাৰে তিনি বছৰ পূৰ্বে বজালী মহাবিদ্যালয়ক উন্নীত কৰি ভট্টদেৱ বিশ্ববিদ্যালয় স্থাপন কৰে৷ কিন্তু ইয়াৰ পিছতে চৰকাৰৰ একাংশ প্ৰতিনিধিয়ে নিজৰ ৰাজনৈতিক স্বাৰ্থসিদ্ধিৰ বাবে বিশ্ববিদ্যালয়ৰ চৌহদ পাটাছাকুছি সমষ্টি পৰা ভৱানীপুৰ সমষ্টিৰ মেধীকুছিত স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাক লৈ এক প্ৰকাৰ জাঙুৰ খাই উঠিছে অঞ্চলটোৰ ৰাইজ৷ পহুমৰা নদীৰ পাৰত অৱস্থিত প্ৰতি বছৰে বানপানীয়ে বেয়াকৈ জুৰুলা কৰা মেধীকুছিত কি যুক্তিত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ চৌহদ স্থাপন কৰিবলৈ চৰকাৰে উঠি পৰি লাগিছে সেয়া এক ৰহস্য বিষয় বুলি আজি ধৰ্মঘটকাৰীসকলে প্ৰশ্ন উত্থাপন কৰি বিশ্ববিদ্যালয়ৰ চৌহদ স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া সম্পুৰ্ণৰূপে বাতিল কৰিবলৈ চৰকাৰক আহ্বান জনায়৷ ইয়াৰোপৰি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সাম্প্ৰতিক দুৰ্নীতি আৰু আভ্যান্তৰীণ খেলিমেলিত জড়িত বিশেষ ব্যক্তিসকলক কঠোৰ শাস্তি প্ৰদান কৰা, শিক্ষানুষ্ঠানখনত উচ্চতৰ মাধ্যমিকৰ পাঠদান পুনৰ আৰম্ভ কৰা, বিশ্ববিদ্যালয়ৰ অধীনত পুৰ্বৰ ডিগ্রী কলেজখনক বিশ্ববিদ্যালয়ৰ চৌহদতে স্থায়ীভাৱে ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰা আদিৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি পাঠশালা নগৰ উন্নয়ন সমিতিয়ে বিশ্ববিদ্যালয়ৰ সন্মুখভাগ উত্তল কৰি তোলে৷
প্ৰেৰকঃ কল্যাণ কলিতা

You might also like