নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিম্বাব’ৱেক দহ উইকেটত হৰুৱাই শৃংখলাত সুন্দৰ আৰম্ভণি ভাৰতৰঃ ধাৱন–শুভমনৰ অর্ধশতৰান

বিশেষ বাৰ্তা, ১৮ আগষ্টঃ প্রথমখন এদিনীয়াত জিম্বাব’ৱেক পৰাস্ত কৰিলে ভাৰতে৷ দীপক চহৰ, প্রসিদ্ধকৃষ্ণৰ দুর্দান্ত বলিঙেৰে জিম্বাব’ৱেক ১৮৯ ৰানতে সীমাৱদ্ধ কৰি শিখৰ ধাৱন আৰু শুভমন গিলে চমকপ্রদ বেটিঙেৰে ১০ উইকেটত বিজয় সাব্যস্ত কৰিলে টীম ইণ্ডিয়াই৷ টচত জিকি প্রথমে বলিং কৰাৰ সিদ্ধান্ত লয় অধিনায়ক লোকেশ ৰাহুলে৷ ভাৰতীয় বলাৰসকলৰ সন্মুখত আত্মসমর্পণ কৰিবলৈ বাধ্য হয় জিম্বাব’ৱেই৷ দলটোৰ চাৰিগৰাকী বেটাৰে দুটা অংকৰ ৰান সংগ্রহ কৰিবলৈ সক্ষম নহ’ল৷ মাত্র ৩১ ৰানতে চাৰিটা উইকেট হেৰুৱাই জিম্বাব’ৱে শলঠেকত পৰে৷ জিম্বাব’ৱেৰ হৈ ছিকন্দৰ ৰাজায়ো ১২ ৰানতে বিদায় লয়৷ অধিনায়ক ৰেজিছ চাকাভাই সর্বাধিক ৩৫ ৰান সংগ্রহ কৰে৷ ব্রেট ইভান্সে ৩৩ আৰু ৰিছার্ড এনগাৰাভাই সংগ্রহ কৰে ৩৪ ৰান৷ ভাৰতৰ হৈ চহৰ, প্রসিদ্ধ আৰু অক্ষৰে দখল কৰে তিনিটাকৈ উইকেট৷ ভাৰতৰ হৈ শিখৰ ধাৱনৰ সৈতে ইনিংছ মুকলি কৰে শুভমন গিলে৷ ধাৱনে ১১৩টা বলত অপৰাজিত ৮১ ৰান কৰে৷ তেওঁৰ ইনিংছটোত আছিল ৯টা চাৰি৷ আনহাতে শুভমনে ৭২টা বলত ৮২ ৰান কৰি অপৰাজিত হৈ ৰয়৷ দুয়োৰে সুন্দৰ প্রদর্শনেৰে ৩০.৫ অ’ভাৰতে এটাও উইকেট নেহেৰুৱাকৈ ভাৰতে ১৯২ ৰান কৰি বিজয় লক্ষ্যত উপনীত হয়৷ এই বিজয়ৰ জৰিয়তে তিনিখনীয়া এদিনীয়া শৃংখলাটোত ভাৰতে ১–০ ব্যৱধানত অগ্রগতি লাভ কৰে৷

You might also like