নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিকিৎসকক দুর্ব্যৱহাৰ ৰোগীৰ আত্মীয়ৰ চিকিৎসালয় লণ্ডভণ্ড

কাকজান বাগিচাতো উদালিসদৃশ কাণ্ড

নিয়মীয়া বাৰ্তা ৪ জুনঃ কেইজনমান সচেতন যুৱকৰ তৎপৰতাৰ বাবেই আন এক হোজাইৰ উদালি কাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে মৰিয়নিৰ কাকজান চাহ বাগিচা৷ এজন ৰোগীৰ মৃত্যুক কেন্দ্র কৰি যোৱানিশা সৃষ্টি হোৱা উত্তেজনাৰ পিছত উদ্ভৱ হৈছিল তেনে এক পৰিস্থিতি৷ কিন্তু বাগিচাখনৰ একাংশ সচেতন লোকৰ হস্তক্ষেপৰ বাবে পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ পৰা ৰক্ষা পৰে৷ ঘটনা সম্পর্কে জানিব পৰা মতে, মৰিয়নিৰ দেবেৰাপাৰ আৰক্ষী চকীৰ অন্তর্গত কাকজান চাহ বাগিচাৰ কর্মচাৰী ৰাজু ৰবিদাস (৫৪) নামৰ লোকজন অসুস্থ হৈ পৰাত তেওঁক পৰিয়ালৰ লোকে নিশা ৮.৩০ মান বজাত কাকজান চাহ বাগিচাৰ চিকিৎসালয়লৈ লৈ আনে৷

কিন্তু তেওঁৰ অৱস্থা সংকটজনক হৈ পৰাত বাগিচাখনৰ চিকিৎসক ডাঃ ঋষিকেশ ডেকাই তেওঁক প্রাথমিক চিকিৎসাৰ অন্তত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্রেৰণ কৰে৷ দুর্ভাগ্যবশতঃ কিছুদূৰ যোৱাৰ পিছতেই ৰাজু ৰবিদাসৰ এম্বুলেঞ্চতে মৃত্যু হয়৷ ফলত তেওঁক পুনৰ বাগিচাৰ চিকিৎসালয়লৈ ওভতাই অনা হয় আৰু পৰীক্ষাৰ অন্তত চিকিৎসক ডাঃ ডেকাই ৰোগীজনক মৃত ঘোষণা কৰে৷ ইয়াতেই মৃত ৰোগীজনৰ একাংশ আত্মীয়ই এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে চিকিৎসক ডাঃ ঋষিকেশ ডেকাকো দুর্ব্যৱহাৰ কৰে৷ সেই সময়ত কেইজনমান লোকে চিকিৎসকজনক তাৰ পৰা আঁতৰাই লৈ যায় আৰু চিকিৎসালয়খনৰ এটা কোঠাত সুমুৱাই ৰাখে৷ পিছত উত্তেজিত একাংশ আত্মীয়ই চিকিৎসালয়খনৰ দুৱাৰ–খিৰিকীৰ কেইবাখনো আইনা ভাঙি এক অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে৷ অৱশ্যে বাগিচাখনৰ প্রাথমিক চাহ মজদুৰ সংঘ, স্থানীয় আটছা, কাকজান আৰু নগাডেৰা গাঁওৰক্ষী বাহিনী আদিৰ লোকসকলে তাৎক্ষণিকভাৱে বাগিচাখনৰ চিকিৎসালয়ত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰাৰ চেষ্টা কৰে৷

তেওঁলোকে মৃত ৰোগীগৰাকীৰ আত্মীয়সকলক বুজাই–বঢ়াই পৰিস্থিতি ক্ষান্ত কৰাৰ লগতে মৃতদেহ ঘৰলৈ নিয়াৰ ব্যৱস্থা কৰে৷ পিছত তিতাবৰৰ মহকুমা আৰক্ষী বিষয়া নিতুমণি দাস, মৰিয়নি আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া বিদ্যুৎ দত্ত, দেবেৰাপাৰ আৰক্ষী চকীৰ আৰক্ষী বিষয়া দীপাংকৰ গগৈ আদিয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷ লগে লগে বাগিচাখনৰ চিকিৎসালয়ৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হয়৷ আনহাতে, আজি পুৱা বাগিচাখনৰ চিকিৎসালয়ৰ চিকিৎসক আৰু চিকিৎসাকর্মীসকলে কর্মবিৰতি পালন কৰি তেওঁলোকৰ নিৰাপত্তাৰ দাবী জনায়৷ পিছত বাগিচাৰ পৰিচালকৰ সৈতে আলোচনা মর্মে কর্মবিৰতি প্রত্যাহাৰ কৰি স্বাস্থ্যকর্মীসকলে পুনৰ কামত যোগদান কৰে৷ উল্লেখ্য যে বাগিচাখনৰ চিকিৎসালয়ত ক’ভিডত আক্রান্ত লোকৰ বাবে ক’ভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰাৰ ফলত সাধাৰণ ৰোগীৰ পৰীক্ষা কৰা হোৱা নাই৷ বিপৰীতে জৰুৰীকালীন সেৱাৰ ৰোগীৰ লগতে ক’ভিডত আক্রান্ত ৰোগীৰ চিকিৎসা কৰি থকা হৈছে৷ লক্ষণীয় যে বাগিচাখনত ক’ভিডত আক্রান্ত লোকৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাইছে৷ ইতিমধ্যে এজন যুৱকৰ ক’ভিডত মৃত্যু হৈছে৷

আনহাতে, বর্তমানেও চাৰিজনকৈ ক’ভিড আক্রান্ত ৰোগী চিকিৎসালয়ৰ ক’ভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন হৈ আছে বুলি বাগিচাখনৰ সূত্রই জানিবলৈ দিছে৷ আনহাতে, চিকিৎসালয়ৰ এক সূত্রই জানিবলৈ দিয়া মতে, মৃত ৰাজু ৰবিদাস কেইদিনমানৰ পূর্বেই নিউমোনিয়াজাতীয় অসুখত আক্রান্ত হৈছিল৷ বাগিচাখনৰ চিকিৎসকে তেওঁক যোৰহাটলৈ প্রেৰণ কৰিছিল যদিও তেওঁলোক যোৱা নাছিল বুলি সূত্রটোৱে লগতে জানিবলৈ দিয়ে৷ কালি লোকজনৰ অৱস্থা অতি শোচনীয় হোৱাৰ পিছত তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ অহা হৈছিল৷ সেই সময়ত তেওঁৰ দেহত অক্সিজেনৰ পৰিমাণো অতি কম আছিল বুলি জানিবলৈ দিয়ে৷ আনকি বাগিচাখনৰ চিকিৎসালয়ত অক্সিজেন দি প্রাথমিক চিকিৎসা প্রদান কৰাৰ পিছতহে তেওঁক যোৰহাটলৈ লৈ যোৱা হৈছিল যদিও তেওঁৰ আদবাটতে মৃত্যু হয়৷ হোজাইত কর্মৰত চিকিৎসকক একাংশ উদণ্ড লোকে মাৰপিট কৰা ঘটনাৰ পিছত মৰিয়নিৰ কাকজান চাহ বাগিচাত সংঘটিত এই ঘটনাই বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷
উদালিৰ চিকিৎসক প্রহাৰৰ আন দুই অভিযুক্তক গ্রেপ্তাৰঃ  জে’ললৈ প্রেৰণ
নিয়মীয়া বার্তা, হোজাই ঃ হোজাইৰ উদালি ফুলতলীৰ ক’ভিড কেয়াৰ চেণ্টাৰত চিকিৎসক, নার্ছক প্রহাৰৰ ঘটনাৰ লগত জডিত আন দুই অভিযুক্তক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ এই দুজনক লৈ এই অমানৱীয় কাণ্ডৰ লগত জডিত অভিযুক্তৰ সংখ্যা ২৬জনলৈ বৃদ্ধি পালে৷ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা এই দুই অভিযুক্তৰ নাম ইমদাদুৰ ৰহমান আৰু নুৰ হুছেইন৷ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা এই দুই অভিযুক্তক ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি), ১৪৩/৩৪২/ ৪৪৭/৩৩৩/৩০৭/৩৫৩/৪২৭ আৰ ডব্লিউ চাৰি নং পি ডি এক্ট, চিকিৎসক সেৱা আইনৰ ৬/৭ আৰু দুর্যোগ ব্যৱস্থাপনা আইনৰ অধীনত জিলা সদৰ শংকৰদেৱ নগৰৰ ন্যায়িক আদালতত হাজিৰ কৰোৱাত আদালতে দুই অভিযুক্তক জে’ললৈ প্রেৰণ কৰে৷ উল্লেখ্য যে কালি এই গোচৰত গ্রেপ্তাৰ কৰা ২৪জন অপৰাধীৰ ভিতৰত ৭জন আৰক্ষীৰ জিম্মাত, ১৪জন ন্যায়িক জিম্মাত আৰু ৩জনক জুভেনাইললৈ প্রেৰণ কৰিছিল আদালতে৷

You might also like