নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতি সোমবাৰে শাসক–বিৰোধীৰ বিধায়কৰে মন্ত্রীৰ বৈঠক বুধবাৰে কেবিনেটত ল’ব ফীডবেক

নিয়মীয়া বাৰ্তা ৪ জুনঃ ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত সংযোজন ঘটিব ‘শূন্যকাল’ৰ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পৰামর্শ অনুসৰি গ্রহণ কৰিবলগীয়া এই বিশেষ ব্যৱস্থাৰ কথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি সদৰী কৰে৷ নতুন দিল্লীৰ আছাম হাউছত এখন সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে তেওঁৰ মন্ত্রীসভাৰ প্রতিজন সদস্যৰ সৈতে ৭–৮জনকৈ বিধায়কক সংযোগ কৰি দিয়া হ’ব৷ শাসক–বিৰোধী সকলো বিধায়ককে এই অভিনৱ পদেক্ষপৰ সৈতে জড়িত কৰা হ’ব৷ মন্ত্রীসকলে বিধায়কসকলৰ সৈতে কথা পাতি সংশ্লিষ্ট এলেকাত থকা ত্রুটি–বিচ্যুতি তথা অভাৱ–ভিযোগৰ বুজ ল’ব৷ প্রতি সোমবাৰে মন্ত্রীসকলে বিধায়কসকলৰ পৰা লোৱা ‘ফীড বেক’সমূহ বুধবাৰে অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকত উত্থাপন কৰা হ’ব আৰু মুখ্যমন্ত্রীয়ে সংশ্লিষ্ট এলেকাৰ অভাৱ–ভিযোগ সন্দর্ভত বুজ ল’ব৷ বৈঠকত মুখ্য সচিব উপস্থিত হোৱাৰ পূর্বেই এই আলোচনা সামৰি লোৱা হ’ব৷

বৃহস্পতিবাৰৰ সংবাদ মেলত মুখ্যমন্ত্রী ড০ শর্মাই লগতে কয় যে সংশ্লিষ্ট এলেকাৰ কোনো ইতিবাচক বিষয়, নহয় কেৱল নেতিবাচক বিষয়বোৰক লৈহে কেবিনেটত আলোচনা কৰাৰ বাবে প্রধানমন্ত্রী মোদীয়ে তেওঁক পৰামর্শ দিছে আৰু কেবিনেট বৈঠকৰ আৰম্ভণিত হ’বলগীয়া এই আলোচনাক ‘শূন্যকাল’ বুলি অভিহিত কৰিব পাৰি৷ ইয়াৰ উপৰি প্রধানমন্ত্রী মোদীয়ে প্রতিসপ্তাহত কিম্বা দহ দিনৰ অন্তত ৰাজ্যৰ কমেও এখন জিলা ভ্রমণ কৰিবলৈ মুখ্যমন্ত্রী ড০ শর্মাক পৰামর্শ দিছে৷ পুৱাৰ ভাগত গৈ সন্ধিয়া হেলিকপ্টাৰেৰে ঘূৰি আহিলে নচলিব, নিশা যাপন কৰি জিলাখনৰ উন্নয়নমূলক কাম–কাজৰ বুজ লোৱাৰ বাবে প্রধানমন্ত্রী মোদীয়ে পৰামর্শ প্রদান কৰা বুলি মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ মেলত জানিবলৈ দিয়ে৷ বুধবাৰে দুপৰীয়া ১২ বজাত ৭ লোককল্যাণ মার্গস্থিত প্রধানমন্ত্রীৰ চৰকাৰী বাসভৱনত হোৱা প্রায় এঘণ্টীয়া বৈঠকত নৰেন্দ্র মোদীয়ে মূলতঃ ব্যৱহাৰিক পৰামর্শ প্রদান কৰা বুলি মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ মেলত মত ব্যক্ত কৰে৷ এই বৈঠকত প্রধানমন্ত্রী মোদীয়ে ৰাজ্যৰ বান সমস্যা আৰু ক’ভিড–১৯ পৰিস্থিতিৰো বুজ লয়৷

মুখ্যমন্ত্রী হিচাপে তথা ৰাজ্যৰ চৰকাৰখন জনগণৰ মাজত কেনেদৰে সমাদৃত হ’ব পাৰি, তাক লৈও প্রধানমন্ত্রী মোদীয়ে ড০ শর্মাক পৰামর্শ দিয়ে৷ লক্ষণীয়ভাৱে সংবাদ মেলত সাংবাদিকৰ প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ সংস্থাপনৰ বিষয়তো আলোকপাত কৰা পৰিলক্ষিত হয়৷ বিশ্বজিৎ দৈমাৰীৰ খালী হৈ থকা ৰাজ্যসভাৰ আসনখনত মিত্রদলৰ আন কোনোবাক নহয়, বিজেপিৰ পৰাই প্রার্থিত্ব প্রদান কৰা হ’ব৷ পিছে উক্ত আসনত সোণোৱালক প্রার্থিত্ব প্রদান কৰা হ’ব নে নাই, সেই সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাৰ স্পষ্ট বক্তব্য– এই সন্দর্ভত দলৰ ৰাষ্ট্রীয় নেতৃত্বই সিদ্ধান্ত ল’ব৷ মুখ্যমন্ত্রিত্বক লৈ যোৱা মাহত নতুন দিল্লীত ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ বাসভৱনত হোৱা বৈঠকত নাড্ডাই কৰা এক মন্তব্যৰ কথাও মুখ্যমন্ত্রী ড০ শর্মাই আজিৰ সংবাদ মেলত দাঙি ধৰে৷ ড০ শর্মাই পাঁচ বছৰ অসম চাব আৰু সোণোৱালক নতুন দায়িত্ব দিয়া হ’ব বুলি সিদিনা বিজেপিৰ ৰাষ্ট্রীয় সভাপতিজনে জনাই দিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে সোণোৱাল ৰাজ্যৰ মুখ্যমন্ত্রী আছিল৷ কেন্দ্রীয় মন্ত্রীও আছিল৷ দেশৰ বাবে তেওঁৰ এই অভিজ্ঞতা নিশ্চয়কৈ কামত আহিব৷

আনহাতে ৰাজ্যত শেহতীয়াকৈ এজন চিকিৎসকৰ ওপৰত হোৱা আক্রমণৰ ঘটনা সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰি কয় যে বিশ্বজুৰি চলি থকা ক’ৰোনা অতিমাৰীৰ সময়ত এজন চিকিৎসকৰ ওপৰত আক্রমণ চলা মানে নিজৰ ওপৰতহে আক্রমণ কৰা৷ দোষীৰ বিৰুদ্ধে এমাহৰ ভিতৰত অভিযোগনামা প্রস্তুত কৰাৰ লগতে ছয় মাহৰ ভিতৰত কঠোৰ শাস্তি প্রদানৰ বাবে চৰকাৰৰ তৰফৰ পৰা সকলো ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি তেওঁ সংবাদ মেলত সদৰী কৰে৷ এই সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাৰ তাৎপর্যপূর্ণ মন্তব্য– ক্রিয়াৰ প্রতিক্রিয়া থাকিবই৷ এইক্ষেত্রত ক্রিয়াৰ প্রতিক্রিয়া আৰু বেছি হ’ব৷ আনহাতে বানমুক্ত অসমৰ বাবে তেওঁৰ চৰকাৰখন সম্পূর্ণ প্রতিশ্রুতিবদ্ধ বুলি মুখ্যমন্ত্রী ড০ শর্মাই মত ব্যক্ত কৰে৷ চলিত বছৰত সম্ভৱ নহ’লেও অহা বছৰ অসমবাসীয়ে যাতে বানৰ কৰালগ্রাসৰ পৰা মুক্তি লাভ কৰে, তাৰ বাবে যি যি কৰণীয় আছে চৰকাৰে সকলো কৰিব বুলি উল্লেখ কৰে৷

আনহাতে বান সমস্যাক ৰাষ্ট্রীয় সমস্যাৰ মর্যাদা দিয়াৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাৰ তাৎপর্যপূর্ণ মন্তব্য– সমস্যা সমস্যাই৷ ইয়াৰ আকৌ ৰাজ্যিক কিম্বা ৰাষ্ট্রীয় সমস্যাৰ কি আছে? বৰঞ্চ আমাৰ উচিত বান সমস্যা সমাধানৰ বাবে কেন্দ্রৰ পৰা এশ শতাংশ পুঁজিৰ আবণ্টন বিচৰাটো৷ ৰাষ্ট্রীয় সমস্যাৰ মর্যাদা প্রদান কৰা হ’লেই যে বান সমস্যাৰ সমাধান হৈ যাব তাৰ কি নিশ্চয়তা আছে? তেওঁ কয় যে জুলাই মাহত কেন্দ্রীয় গৃহমন্ত্রী আমিত শ্বাহ শ্বিলঙলৈ যাব আৰু উত্তৰ–পূর্বাঞ্চলৰ মুখ্যমন্ত্রীসকলৰ সৈতে আলোচনাত বহিব৷ সেই সময়ত ৰাজ্যৰ বান সমস্যাক লৈ গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে আলোচনা কৰা হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই জানিবলৈ দিয়ে৷

আনহাতে ক’ভিড–১৯ অতিমাৰীৰ বাবে ৰাজ্যত আৰোপিত বাধা–নিষেধৰ প্রসংগত তেওঁ কয় যে ৭ জুনৰ পৰা এইক্ষেত্রত কিছু শিথিলতা আগবঢ়োৱা হ’ব৷ আন্তঃজিলা যাতায়াতৰো অনুমতি প্রদান কৰা হ’ব পাৰে বুলি তেওঁ আজি ইংগিত দিয়ে৷ উল্লেখ্য যে  এই সংবাদ মেলৰ পূর্বে মুখ্যমন্ত্রী ড০ শর্মাই পুৱাৰ ভাগত কেন্দ্রীয় পেড্র’লিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রী ধর্মেন্দ্র প্রধান আৰু বন–পৰিৱেশ মন্ত্রী প্রকাশ জাভাডেকাৰক সাক্ষাৎ কৰে৷ দিল্লীৰ চাৰিদিনীয়া কার্যসূচীত কেন্দ্রীয় মন্ত্রীসকলৰ পৰাও পৰামর্শ গ্রহণ কৰা বুলি তেওঁ সাংবাদিকৰ আগত জানিবলৈ দিয়ে৷ তেওঁ কয় যে কি কি ক্ষেত্রত অসম চৰকাৰৰ আৰু অধিক কৰিবলগীয়া আছে, সেইবোৰ বিষয়ত কেন্দ্রীয় মন্ত্রীসকলৰ পৰা পৰামর্শ লোৱা হৈছে৷ অৱশ্যে মুখ্যমন্ত্রী হিচাপে প্রথমবাৰৰ বাবে দিল্লী ভ্রমণলৈ অহা অধিকাংশ সাক্ষাৎপর্বই সম্পূর্ণ সৌজন্যমূলক আছিল বুলি মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ মেলত মত ব্যক্ত কৰে৷

উল্লেখ্য যে দিল্লী ভ্রমণৰ কালছোৱাত মুখ্যমন্ত্রী ড০ শর্মাই প্রধানমন্ত্রী মোদীৰ উপৰি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, বিত্তমন্ত্রী নির্মলা সীতাৰমন, স্বাস্থ্যমন্ত্রী ডাঃ হর্ষবর্ধন, কৃষিমন্ত্রী নৰেন্দ্র সিং টোমৰ, নগৰ উন্নয়ন মন্ত্রী হৰদীপ সিং পুৰী, পেড্র’লিয়াম মন্ত্রী ধর্মেন্দ্র প্রধান, বন–পৰিৱেশ মন্ত্রী প্রকাশ জাভাডেকাৰ আদিক সাক্ষাৎ কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই লগতে উপ–ৰাষ্ট্রপতি ভেংকায়া নাইডু আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাকো সৌজন্যমূলক সাক্ষাৎ কৰে৷

You might also like