নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘খিলঞ্জীয়াৰ নির্ণায়ক অধিকাৰৰ কথা ক’বলৈ যাওঁতে যদি কোনোবাই ফোন টেপিং কৰে, তেনেহ’লে তালৈ ভয় নাখাওঁ’

নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ দেশজুৰি খলকনি সৃষ্টি কৰা পেগাছাছৰ টার্গেট লিষ্টত ড০ সমুজ্জ্বল ভট্টাচার্য আৰু অনুপ চেতিয়াৰ ফোন নম্বৰ সন্নিৱিষ্ট হৈ থকাৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে৷ ইয়াৰ পাছতে প্রতিক্রিয়া প্রকাশ কৰিছে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই৷ বৃহস্পতিবাৰে  ড০ ভট্টাচার্যই সংবাদ মাধ্যমৰ আগত কয় যে বাতৰিটো পাই তেওঁ স্তম্ভিত আৰু আচৰিত হৈ পৰিছে৷ কিয়নো এয়া গণতন্ত্রক হত্যা কৰা ঘটনা৷ যদি ভাৰত চৰকাৰৰ অনুমতি সাপেক্ষে ইজৰাইলৰ সংস্থাই দেশৰ কোনো নাগৰিকৰ ফোন টেপ কৰিছে, তেনেহ’লে ই এটা ভয়ংকৰ ঘটনা৷ ব্যক্তি স্বাধীনতা আৰু সংবিধানবিৰোধী কাম৷ চৰকাৰৰ ফেচিষ্ট কাণ্ড৷

আনহাতে, যদিহে ভাৰত চৰকাৰৰ অনুমতি নোহোৱাকৈ কোনো বিদেশী সংস্থাই এনে কাম কৰিছে, তেনেহ’লে ই তাতোকৈ অধিক ভয়াৱহ ঘটনা৷ ই অখণ্ডতা আৰু দেশৰ সার্বভৌমত্বৰ প্রতি ভাবুকি৷ এই দুয়োটা সম্ভাৱনাৰ যিকোনো এটা সত্য৷ গতিকে কোনটো সত্য, সেয়া দেশৰ প্রধানমন্ত্রী আৰু গৃহমন্ত্রীয়ে দেশবাসীক জনাব লাগে৷

আনহাতে, টেলিফোন টেপিং সন্দর্ভত আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে কয় যে টেলিফোনত তেওঁ যিবোৰ কথা পাতে, সেয়া ৰাইজকো জনায়৷ ৰাইজেই আছুৰ অভিভাৱক৷ কিন্তু সকলো কথা–বতৰাৰ মূল বিষয়টো হ’ল অসম তথা উত্তৰ–পূর্বাঞ্চলৰ বিদেশী সমস্যা৷ বিদেশী সমস্যা সমাধানৰ দাবীত সুদীর্ঘ ছবছৰজোৰা অসম আন্দোলন হ’ল৷ তাৰ পাছত চুক্তি হ’ল৷ কিন্তু সমস্যাৰ সমাধান আজিও নহ’ল৷ এতিয়াও বিদেশী সমস্যা সমাধানৰ দাবীত আন্দোলন চলি আছে৷ তাৰ মাজতে আমাৰ মূৰৰ ওপৰত জাপি দিয়া হ’ল ‘কা’৷ ‘কা’ৰ বিৰুদ্ধেও আছু তথা ৩০ জনগোষ্ঠীয় সংগঠনৰ প্রতিবাদ অব্যাহত আছে৷ এনে পটভূমিত খিলঞ্জীয়াৰ নির্ণায়ক অধিকাৰৰ কথা ক’বলৈ যাওঁতে যদি কোনোবাই ফোন টেপিং কৰে, তেনেহ’লে তালৈ ভয় নাখায় বুলি ড০ ভট্টাচার্যই স্পষ্ট কৰি দিয়ে৷

ইপিনে, আলোচনাপন্থী আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই তেওঁৰ ফোন টেপ কৰাটো কোনো অস্বাভাৱিক ঘটনা নহয় বুলি মন্তব্য কৰি কয় যে এয়া গণতন্ত্রৰ পৰিপন্থী ঘটনা৷ মুঠেও গ্রহণযোগ্য নহয়৷

You might also like