নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগষ্টৰ শেষত গেৰুৱা বসন পৰিধান কৰিব ফণী তালুকদাৰে

নিয়মীয়া বাৰ্তা, ৩০ জুলাইঃ কংগ্রেছৰ পাছত এইবাৰ এ আই ইউ ডি এফ বিধায়কৰো আৰম্ভ হৈছে বিজেপি গমন৷ মৰিয়নিৰ কংগ্রেছ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে ইতিমধ্যে কংগ্রেছৰ প্রাথমিক সদস্য পদৰ লগতে বিধায়ক পদ ত্যাগ কৰি বিজেপিত যোগদান কৰিছে৷ ৰূপজ্যোতি কুর্মীৰ পদাংক অনুসৰণ কৰি এইবাৰ থাওৰাৰ কংগ্রেছ বিধায়ক সুশান্ত বৰগোহাঁয়েও দলত্যাগ কৰি বিজেপিত যোগদানৰ বাবে সাজু হৈছে৷

বর্তমান সমষ্টিত বাহৰ পাতি থকা বিধায়ক বৰগোহাঁই আজি গুৱাহাটীলৈ উভতি আহিব আৰু অহা ৩১ জুলাই অথবা ১ আগষ্টত পুৱাৰ ভাগত বিধানসভাৰ অধ্যক্ষৰ ওচৰত বিধায়ক পদৰ পৰা ইস্তফা দিব৷ এই সম্পর্কত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই বৃহস্পতিবাৰে নতুন দিল্লীত সাংবাদিকৰ আগত কয় যে থাওৰাৰ কংগ্রেছ বিধায়ক সুশান্ত বৰগোহাঁয়ে অহা ১ আগষ্টৰ বিয়লি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব৷ দলৰ গুৱাহাটীস্থিত ৰাজ্যিক কার্যালয়ত তেওঁ বিজেপিত যোগদান কৰিব৷

আনহাতে, এ আই ইউ ডি এফৰ ভৱানীপুৰৰ বিধায়ক ফণী তালুকদাৰক লৈ যোৱা কিছুদিন ধৰি ৰাজনৈতিক মহলত চলি থকা চর্চাৰ অৱসান ঘটাই সভাপতি কলিতাই কয় যে বিধায়ক তালুকদাৰে বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ পাছতেই আগষ্ট মাহৰ শেষ সপ্তাহত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব৷

উল্লেখ্য যে ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব লাভৰ পাছত দুদিনীয়া ভ্রমণসূচীৰে দিল্লীত উপস্থিত হোৱা কলিতাই এই যাত্রাতে দলৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাকে ধৰি দলৰ কেন্দ্রীয় নেতৃত্বক সাক্ষাৎ কৰি সংগঠন সম্পর্কে আলোচনাত মিলিত হোৱাৰ লগতে বিৰোধীৰ বিধায়কৰ বিজেপিত যোগদানৰ বিষয়েও অৱগত কৰিব৷

ইপিনে, সুশান্ত বৰগোহাঁই আৰু ফণী তালুকদাৰ বিজেপিত যোগদান নিশ্চিত হোৱাৰ পাছত ৰাজ্যখনৰ ছটা বিধানসভা সমষ্টিত উপ–নির্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰে৷ উপ–নির্বাচন হ’বলগীয়া বিধানসভা সমষ্টি ছয়টা হৈছে– গোসাঁইগাঁও, তামুলপুৰ, মৰিয়নি, মাজুলী, থাওৰা আৰু ভৱানীপুৰ৷ গোসাঁইগাঁৱৰ বি পি এফৰ বিধায়ক মাজেন্দ্র নার্জাৰী আৰু তামুলপুৰৰ ইউ পি পি এলৰ বিধায়ক লেহুৰাম বড়োৰ ইতিমধ্যে ক’ভিডত মৃত্যু হোৱাত সমষ্টি দুটা খালী হৈ পৰে৷ সেইদৰে মৰিয়নিৰ কংগ্রেছ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে বিজেপিত যোগদান কৰাত সেই সমষ্টিটোও খালী হয়৷

মাজুলীৰ বিধায়ক তথা প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল কেন্দ্রীয় মন্ত্রীসভাত অন্তর্ভুক্ত হোৱাত মাজুলীৰ আসনখনো খালী হয়৷ সেইদৰে থাওৰাৰ কংগ্রেছ বিধায়ক সুশান্ত বৰগোহাঁই আৰু ভৱানীপুৰৰ এ আই ইউ ডি এফৰ বিধায়ক ফণী তালুকদাৰ বিজেপিত যোগদান কৰাৰ লগে লগে সেই সমষ্টি দুটাও খালী হৈ পৰিব৷ ফলত একে সময়তে ছয় বিধানসভা সমষ্টিত বিধানসভাৰ উপ–নির্বাচন অনুষ্ঠিত হ’ব৷

You might also like