নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত নীলা কেৰাচিনৰ চোৰাং বেহা

খাদ্য–সামৰিক যোগান বিভাগৰ বিষয়াৰ পৃষ্ঠপোষকতা

নিয়মীয়া বাৰ্তা ৩০ জুলাইঃ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো সুলভ মূল্যৰ সামগ্রীৰ চোৰাং বেহা চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ অভিযোগ অনুসৰি খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়া–কর্মচাৰীৰ পৃষ্ঠপোষকতাত বছৰৰ পিছত বছৰ ধৰি সুলভ মূল্যৰ নীলা কেৰাচিনৰ চোৰাং বেহা চলি আহিছে৷ কামৰূপ মহানগৰ জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়া–কর্মচাৰীৰ প্রত্যক্ষ সহযোগত অসাধু ব্যৱসায়ীয়ে প্রতিমাহে লাখ লাখ লিটাৰ নীলা কেৰাচিন চোৰাংকৈ বিক্রী কৰি আহিছে৷ প্রাপ্ত তথ্য অনুসৰি কামৰূপ (ম) জিলাত ১১টাকৈ নীলা কেৰাচিনৰ ডিপো আছে৷

শেহতীয়াকৈ মহানগৰ জিলা উপায়ুক্তই যোৱা ১৯ জুলাইত তিনি মাহৰ বাবে উক্ত ডিপোকেইটাক কেৰাচিন আবণ্টনৰ নির্দেশনা জাৰি কৰে৷ নির্দেশনা অনুসৰি জুলাই মাহত ২৮৮ কিলোলিটাৰ, আগষ্ট মাহত ৩০০ কিলোলিটাৰ আৰু ছেপ্ঢেম্বৰ মাহত ৩০০ কিলোলিটাৰ আবণ্টন দিয়ে৷ জুলাই মাহত আজাৰাৰ মেছার্ছ নীলকান্ত কাকতি ডিপোলৈ ১২ কিলোলিটাৰ, পাণ্ডুৰ মেছার্ছ পাণ্ডু অইল ডিপোলৈ ৩৬ কিলোলিটাৰ, কাহিলিপাৰাৰ মেছার্ছ কলিতা অইল ডিপোলৈ ১২ কিলোলিটাৰ, বেলতলাৰ মেছার্ছ বি টি চলিহা ডিপোলৈ ২৪ কিলোলিটাৰ, দিছপুৰৰ মেছার্ছ চি এম এছ এণ্ড ছনচ ডিপোলৈ ৩৬ কিলোলিটাৰ, উলুবাৰীৰ মেছার্ছ থান সিং নাথমল ডিপোলৈ ৬০ কিলোলিটাৰ, নাৰেংগীৰ মেছার্ছ জি এছ এণ্ড কোম্পানী ডিপোলৈ ৩৬ কিলোলিটাৰ, সোণাপুৰৰ মেছার্ছ চি এম এছ এণ্ড কোম্পানীৰ ডিপোলৈ ৩৬ কিলোলিটাৰ, ক্ষেত্রীৰ মেছার্ছ হোমসিং ডিপোলৈ ১২ কিলোলিটাৰ, উত্তৰ গুৱাহাটীৰ মেছার্ছ চি এম এছ এণ্ড ছনচ ডিপোলৈ ১২ কিলোলিটাৰ আৰু খাৰঘুলিৰ মেছার্ছ অনিল শর্মা এছ কে অইল ডিপোলৈ ১২ কিলোলিটাৰ তেল আবণ্টন দিছে৷

জুলাই মাহত গুৱাহাটীৰ ১১টা ডিপোলৈ ২.৮৮ লাখ লিটাৰ তেল আবণ্টন দিছে৷ আগষ্ট মাহত ৩ লাখ লিটাৰ আৰু ছেপ্ঢেম্বৰ মাহতো ৩ লাখ লিটাৰ কেৰাচিন আবণ্টন দিছে৷ প্রতিমাহে এনেদৰে হিতাধিকাৰীলৈ লাখ লাখ লিটাৰ কেৰাচিন আবণ্টন দিয়াৰ পিছতো প্রকৃত হিতাধিকাৰীসকল নীলা কেৰাচিন লাভৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে৷ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়া–কর্মচাৰীৰ গোপন বুজাবুজিৰে উক্ত ডিপোকেইটাৰ স্বত্বাধিকাৰে নীলা কেৰাচিনৰ চোৰাং বেহা চলাই আহিছে৷ তদুপৰি গুৱাহাটীত চাৰি শতাধিক হকাৰ আছে৷ কিন্তু এই ডিপোকেইটাৰ পৰা প্রতিমাহে কেৰাচিন সংগ্রহ কৰি হকাৰসকলে মহানগৰীৰ বিভিন্ন স্থানত বিক্রী কৰাৰ দৃশ্য একেবাৰে দুর্লভ৷

আনহাতে, গুৱাহাটীৰ প্রতিখন সুলভ মূল্যৰ দোকানৰ পৰাও প্রতিমাহে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পৰিদর্শকসকলে ২,৫০০ৰ পৰা ৩,০০০ টকালৈ সংগ্রহ কৰি অহাৰ অভিযোগ আছে৷ বিভাগটোৰ উপ–সঞ্চালকগৰাকীৰ্ জ্ঞাতসাৰে গুৱাহাটীত প্রতিমাহে লাখ লাখ লিটাৰ নীলা কেৰাচিনৰ চোৰাং বেহা চলি থকাৰ পিছতো বিষয়াগৰাকীয়ে ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰিছে৷ সেয়েহে বিষয়টো গুৰুত্বসহকাৰে গ্রহণ কৰি জিলা উপায়ুক্তক তদন্ত কৰিবলৈ ভুক্তভোগী সুলভ মূল্যৰ ব্যৱসায়ীসকলে আহ্বান জনাইছে৷

You might also like