নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত বিজ্ঞানসন্মত কচাইখানা মুকলি 

নিয়মীয়া বাৰ্তা, ৮ অক্টোবৰঃ নগাঁও জিলাৰ মৰিকলঙৰ চাৰিখুটিত আজি এটা বিজ্ঞান সন্মত কচাইখানাৰ শুভাৰম্ভ হয়। এই কচাইখানাৰ শুভাৰম্ভ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই অনুষ্ঠানত অসম পশুধন আৰু হাহ কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়া উপস্থিত থাকে।

উল্লেখ্য যে বিজ্ঞান সন্মত এই কচাইখানাত বিশেষকৈ ছাগলী মাংসৰ লগতে হাঁহ-কুকুৰাৰ মাংসও উপলব্ধ হ’ব। এই কচাইখানাত মাংস স্বাস্থ্য সন্মতভাবে উপলব্ধ হ’ব।

মনোজ শইকীয়াই কয় – “উচ্চতম ন্যায়ালয় আৰু গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত চৰকাৰে এই কচাইখানাটো নিৰ্মাণ কৰিছে। আমি বিভিন্ন কচাই সকলক এই কচাইখানাত মাংস বিক্ৰী কৰিবৰ বাবে আহ্বান জনাইছো। তেওঁলোকে যদি এই আহ্বানৰ প্ৰতি সহাৰি নজনায় অথবা স্বাস্থ্য সন্মত মাছ-মাংস বিক্ৰীৰ বাবে আগবাঢ়ি নাহে, তেন্তে তাৰ বিকল্প ব্যৱস্থাও থাকিব। নগাঁও জিলাৰ বঢ়মপুৰ, ৰহা, ধিং, ৰূপহী, জুৰীয়া আদি অঞ্চলৰ ছাগলী পালক সকলকো এই কচাইখানাত ছাগলী যোগান ধৰি স্বাৱলম্বী হবলৈ আমি আহ্বান জনাইছোঁ।”

নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাইও এই কচাইখানাই নগাঁওবাসীক স্বাস্থ্যসন্মত ছাগলী মাংস যোগান ধৰাৰ ক্ষেত্ৰত ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে।

You might also like